গুৱাহাটী, ২৭ মে': ক'ভিডৰ নামত বৰ্ত্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেলেংকাৰী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে । আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই ।
তেওঁ কয় যে ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ ‘ৰাণ-ৱে’ত ‘ব্লু-ডাৰ্ট’ৰ এখন সামগ্ৰী পৰিবাহী বিমানৰ সন্মুখত থিয় হৈ চীন দেশৰ পৰা অসমে ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৫০ হাজাৰ বিশেষ পি পি ই কীট আমদানি কৰি আনিছে বুলি প্ৰচাৰ চলাইছিল তেতিয়াৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই । সেই সময়ৰ ফাঁকি এতিয়া জলজল পটপটকৈ ওলাই পৰিল (Purchase of PPE kit from China) ৷
অসমৰ চিকিৎসক আৰু নাৰ্ছ সকলৰ নিৰাপদ চিকিৎসা সেৱাৰ তাগিদাত দেশৰ ভিতৰতে অসমে প্ৰথম চীনৰ পৰা নিজাববীয়াকৈ পি পি ই কীট আমদানি কৰিছে বুলি তেতিয়া ঘোষণা কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই সৰ্বত্ৰ বাঃ বাঃ ল’বলৈ চেষ্টা কৰা ভেল্কিবাজীৰ স্বৰূপ শেহতীয়াকৈ অতি উলংগ ৰূপত ৰাইজৰ সন্মুখত উন্মোচিত হ’ল বুলি তেওঁ কয় ।
তেওঁ সংবাদ মাধ্যমৰ উদ্ধৃতি দি ‘আৰ টি আই’ৰ প্ৰসংগৰে কয় যে অসম চৰকাৰৰ ক’ভিড প্ৰতিৰোধী সকলো সা-সামগ্ৰী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চীনৰ পৰা পি পি ই কীট বাদেই ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্ৰী ক্ৰয় কৰা নাই আৰু এনে সামগ্ৰীৰ বাবদ কাকো এটকাও আদায় দিয়াৰ তথ্য ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ হাতত নাই (NHM did not purchase PPE kits from China)।
লগতে পঢ়ক:George Bordoloi suicide case : পৱন বৰঠাকুৰৰ নেতৃত্বত তিনিজনীয়া তদন্ত সমিতি গঠন
অর্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে পোনে পোনেই হিমন্ত বিশ্ব শৰ্মাৰ দাবীক নস্যাৎ কৰিলে আৰু প্ৰত্যক্ষভাৱেই ইয়াক মিছা বুলি অভিহিত কৰিলে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে আৰ টি আইৰ উত্তৰত ইয়াকো জনালে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে দেশৰ বিভিন্ন প্ৰতিষ্ঠানক পি পি ই কীট যোগানৰ কাম ন্যস্ত কৰিছিল ।