অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হ'ব কয়লা ছিণ্ডিকেট: প্ৰদেশ কংগ্ৰেছ

প্ৰদেশ কংগ্ৰেছৰ মেডিয়া চেলৰ তত্বাধায়ক তথা জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তৰ সংবাদমেল ৷ ক’ল ইণ্ডিয়া লিমিটেডে ই-নিলাম কৰা অসমৰ দুটা কয়লা খনি কয়লাজান আৰু গৰমপানীক কেন্দ্ৰ কৰি ছিণ্ডিকেটৰ ব্লু-প্ৰিন্ট ৰচনা কৰা হৈছে । অসম খনিজ উন্নয়ন নিগমৰ নামত খনি দুটাৰ কর্তৃত্ব নিজৰ হাতলৈ আনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পছন্দৰ কয়লা ব্যৱসায়ীৰ বাবে বাট মোকলাই দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ (APCC alleged CM Himanta Biswa Sarma on coal syndicate) ৷

APCC alleged CM Himanta Biswa Sarma on coal syndicate
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হ'ব কয়লা ছিণ্ডিকেট: প্ৰদেশ কংগ্ৰেছ

By

Published : Feb 15, 2022, 8:56 PM IST

গুৱাহাটী,১৫ ফেব্ৰুৱাৰীঃঅসম খনিজ উন্নয়ন নিগমৰ কান্ধত বন্দুক থৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ ৰাজ্যত আৰম্ভ হ'ব কয়লা ছিণ্ডিকেট ৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ (APCC alleged CM Himanta Biswa Sarma on coal syndicate)। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই কয়লা ছিণ্ডিকেট সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য দাঙি ধৰে ৷

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হ'ব কয়লা ছিণ্ডিকেট: প্ৰদেশ কংগ্ৰেছ

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয় যে, অতি পৰিকল্পিতভাৱে অসমত কয়লাৰ বিশাল ছিণ্ডিকেট গঢ়ি তোলাৰ প্ৰক্ৰিয়া ‍আৰম্ভ কৰা হৈছে । কল ইণ্ডিয়া লিমিটেডে ই-নিলাম কৰা অসমৰ দুটা কয়লা খনি কয়লাজান আৰু গৰমপানীক কেন্দ্ৰ কৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । তেওঁ কয় যে, কয়লাজান কয়লা ভাণ্ডাৰত মজুত আছে ৫৮ হাজাৰ টন কয়লা আৰু গৰমপানীত আছে ৪৮ লাখ টন কয়লা । ই-নিলামত এই কয়লা খনি দুটাৰ কর্তৃত্ব অসম চৰকাৰৰ অধীনস্থ অসম খনিজ উন্নয়ন নিগমে লাভ কৰিছে যদিও অদ্ভুত চৰ্ত দিয়া হৈছে । কয়লাজান খনিৰ ৰাজহ অংশীদাৰিত্ব ৮১.৫ শতাংশ আৰু গৰমপানী কয়লা খনিৰ ৰাজহ অংশীদাৰিত্ব ২৮৮.২৫ শতাংশ চৰকাৰক আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে অসম খনিজ উন্নয়ন নিগমে এই খনি দুটা নিজৰ হাতত ৰাখিলে । কিন্তু বাস্তৱ ক্ষেত্ৰত এয়া অসম্ভৱ ।

ইয়াৰ অন্তৰালত গভীৰ অভিসন্ধি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰকৃততে অসম খনিজ উন্নয়ন নিগমৰ নামত খনি দুটাৰ কর্তৃত্ব নিজৰ হাতলৈ আনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পছন্দৰ ব্যক্তিগত কয়লা ব্যৱসায়ীৰ বাবে বাট মোকলাই দিয়াৰ অংক কৰা হৈছে । মনজিৎ মহন্তই লগতে কয় যে, কয়লাজানৰ প্ৰতি টন কয়লাৰ বাবদ ব্যয় হ’ব ৮,০৮৭ টকা । ইয়াৰ বিপৰীতে প্ৰতি টন কয়লা বিক্ৰী কৰিব ৫,৬১৪ টকাত । অর্থাৎ কয়লাজানৰ প্ৰতি টন কয়লাত অসম খনিজ উন্নয়ন নিগমে লোকচান ভৰিব লাগিব ২,৪৭৩ টকাকৈ ।

আনহাতে গৰমপানী কয়লা খনিত প্ৰতি টন কয়লাৰ বিপৰীতে নিগমে লোকচান ভৰিব লাগিব ১৪,০৮৩ টকাকৈ । অর্থাৎ অতি কম দিনৰ ভিতৰতে চৰকাৰৰ কুটিল ষড়যন্ত্ৰৰ বাবে এই চৰকাৰী প্ৰতিষ্ঠানটো মৃত্যুৰ মুখত পৰাটো নিশ্চিত ৷ সকলো ব্লু-প্ৰিন্ট ৰচনা কৰিয়ে কয়লাজান আৰু গৰমপানী কয়লা খনি দুটা লোৱা হৈছে অসম খনিজ উন্নয়ন নিগমৰ নামত । পৰিকল্পনা অনুসৰি লোকচান বহন কৰিব নোৱাৰি নিগমে অসম খনিজ উন্নয়ন নিগমৰ তালিকাভুক্ত অনুমোদিত ঠিকাদাৰক কয়লা উদঘাটনৰ দায়িত্ব অর্পণ কৰিব । তেওঁ কয় যে, তথ্য মতে অসম খনিজ উন্নয়ন নিগমৰ অনুমোদিত ঠিকাদাৰৰ সংখ্যা ১১-১২ জন । নিগমৰ তালিকাভুক্ত অনুমোদিত ঠিকাদাৰসকলৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নিবিড় সম্পর্কত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাণ্ডাৰীসকল তথা তেওঁলোকৰ পৰিয়াল অথবা নিকট আত্মীয়ৰ ঠিকাদাৰী প্ৰতিষ্ঠানো আছে । তাৰ পিছতে আৰম্ভ হ'ব অসমৰ ক'লা সোণ কয়লাৰ অবাধ লুণ্ঠন । কয়লাজান আৰু গৰমপানীৰ আচল অংকটো তাতেই আছে বুলি কয় মনজিৎ মহন্তই । ঠিকাদাৰী প্ৰতিষ্ঠানে লাভ কৰাৰ পাছত অবাধ লুণ্ঠন আৰম্ভ হ'ব । লগতে তেও কয় যে, অসম খনিজ উন্নয়ন নিগমৰ পৃষ্ঠপোষকতাতে বৈধ কয়লাৰ অবৈধ ছিণ্ডিকেটৰ জন্ম হ'ব । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক:Himanta Biswa Sarma on Rahul Gandhi: প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ গ্ৰহণ নকৰিলে দিছপুৰ আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details