অসম

assam

ETV Bharat / state

APCC Allegation Against BJP : কয়লাৰ বিয়াগোম ছিণ্ডিকেটেৰে চলি আছে চৰকাৰ : প্ৰদেশ কংগ্ৰেছ - ৰাতিল কলিতা প্ৰদেশ কংগ্ৰেছ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন কয়লা ছিণ্ডিকেটৰ ওপৰতে চলি আছে ৷ কয়লা ছিণ্ডিকেটৰ টকাৰে উৰাজাহাজত ঘূৰি আছে মুখ্যমন্ত্ৰীয়ে । প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়লাৰ খনন বন্ধ কৰি দিয়াৰ বাবেই ছিণ্ডিকেট চলাই থকাসকলে বিসম্বাদ কৰিছিল ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ ৷

APCC Allegation Against BJP
অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:28 PM IST

Updated : Nov 10, 2023, 10:00 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতা

গুৱাহাটী, ১০ নৱেম্বৰ :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৃষ্ঠপোষকতাতে মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন চলি আছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতাই গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কয়লা ছিণ্ডিকেটক লৈ সৰৱ হৈ পৰে ।

ৰাতুল কলিতাই কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন কয়লা ছিণ্ডিকেটৰ ওপৰতে চলি আছে আৰু মুখ্যমন্ত্ৰীয়ে কয়লা ছিণ্ডিকেটৰ টকাৰে উৰাজাহাজত ঘূৰি আছে । তেওঁ লগতে কয় যে কিছুদিন পূৰ্বে বিধায়ক সুৰেন ফুকনে ছিণ্ডিকেটৰ গাড়ী ডিগবৈত বন্ধ কৰি দিছিল আৰু ইয়াৰ পাচত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ ফুকনে কয়লা ছিণ্ডিকেটৰ সেই গাড়ীসমূহ পাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিলে ।

কলিতাই লগতে কয় যে বৰ্তমান সময়ত ডিগবৈ, মাৰ্ঘেৰিটা আৰু শদিয়াৰ বিধায়কৰ মাজত কয়লা ছিণ্ডিকেটক লৈ কাজিয়া চলি আছে । কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়লাৰ খনন বন্ধ কৰি দিয়াৰ বাবেই ছিণ্ডিকেট চলাই থকাসকলে বিসম্বাদ কৰিছিল বুলি সদৰী কৰি তেওঁ কয় যে পৰৱৰ্তী সময়ত ছিণ্ডিকেট পাৰ্টীটো বিজেপিলৈ গৈছিল ।

২০১৪ চনতে বন্ধ কৰি দিয়া কয়লা খনন অবৈধভাৱে চলাই থকা হৈছে আৰু বিগত সময়ত ৪৮৭২.১৩ কোটি টকাৰ কয়লা ছিণ্ডিকেট হৈছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে । ৰাতুল কলিতাই কয় যে কয়লাৰ অবৈধ খনন বৰ্তমান মুকলিকৈ চলি আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ নীৰৱ আৰু নিৰ্বিকাৰ ।

ৰাজ্যত সহস্ৰাধিক ৰেট হল কয়লা খনন চলি আছে বুলি সদৰী কৰি তেওঁ কয় যে বিগত বছৰত ট্ৰাকত ৩৬ হাজাৰ বাৰ কয়লা সৰবৰাহ কৰা হৈছে ।

লগতে পঢ়ক :Resignation of Congress leaders: দলৰ প্ৰতি মোহভংগ হৈছে নেকি একাংশ কংগ্ৰেছীৰ ?

Last Updated : Nov 10, 2023, 10:00 PM IST

ABOUT THE AUTHOR

...view details