গুৱাহাটী, ৪ ছেপ্টেম্বৰ:অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে সোমবাৰে কেইবাটাও দাবীত চচলৰ নিৰ্দ্ধাৰিত ধর্ণাস্থলীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ প্ৰায় শতাধিক কর্মকর্তাই হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, অনুসূচিত জাতিক প্ৰতাৰণা কৰা নচলিব, সংৰক্ষণ আইনৰ সঠিক প্ৰয়োগ কৰক, মিছন ভূমিপুত্ৰ বন্ধ কৰক, ছাত্র জলপানি নিয়মীয়া কৰক, বেকলগ পূৰণ কৰক, পদোন্নতিত জ্যেষ্ঠতাৰ ধাৰাবাহিকতা বাহাল ৰাখক আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰীসকলে অসমত বাস কৰা প্ৰায় চল্লিশ লাখ অনুসূচিত জাতিৰ মানুহৰ বিভিন্ন সমস্যা সমূহ বৰ্তমান বিজেপি চৰকাৰখনে সমাধান নকৰাৰ অভিযোগ উত্থাপন কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস আৰু সাধাৰণ সম্পাদক জিতু কাকতিয়ে কয়, “সদ্য প্রকাশিত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকাত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বৰপেটা আৰু নাওবৈচা সমষ্টিক অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হ'ল । কিন্তু মিঞা অধ্যুষিত এনেবোৰ সমষ্টিত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অনুসূচিত জাতিক মিঞাৰ লগত ৰাজনৈতিকভাৱে সন্মুখ সমৰত যুঁজিবলৈ এৰি দিয়া বিজেপি চৰকাৰে অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান নকৰি প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ আশ্ৰয় লৈছে ।