গুৱাহাটী, ২৮ এপ্ৰিল:অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত চৰকাৰে প্ৰৱৰ্তন কৰা মিছন ভূমিপুত্ৰ আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে (Anusuchit Jati Yuba Chatra Parishad protest)। চৰকাৰে মিছন ভূমি পুত্ৰৰ জৰিয়তে প্ৰদান কৰা 219481 খন অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ প্ৰায় এক লাখ প্ৰমাণ পত্ৰ ভুৱা বুলি অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি ৰুবুল দাসে (Anusuchit Jati Yuba Chatra Parishad) ।
মিছন ভূমিপুত্ৰৰ জৰিয়তে আনুসূচীত জাতিক চৰকাৰে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে চচলৰ ধৰ্ণাস্থলীত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Scam in Scheduled Caste Certificate)। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড লৈ মিছন ভূমিপুত্ৰ বন্ধ কৰক, আনুসূচিত জাতিক প্ৰতাৰণা কৰা নচলিব, ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, সংৰক্ষণ আইন মানি চলক, আনুসূচিত জাতিৰ সকলো বেকলগ পদ পূৰণ কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত দিছপুৰ আৰক্ষীৰ জৰিয়তে সন্থাই কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ।