অসম

assam

ETV Bharat / state

অনুৰাগ শইকীয়াৰ'প্ৰজেক্ট বৰগীত'

100 জন বাদ্যযন্ত্ৰবিদৰ সমাহাৰেৰে প্ৰথম বাৰৰ বাবে নিৰ্মাণ হৈছে এই বৰগীত ৷  বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হৈছে অনুৰাগ শইকীয়াৰ সপোনৰ প্ৰজেক্ট বৰগীতত ।

anurag saikia's project borgeet
প্ৰজেক্ট বৰগীত

By

Published : Dec 2, 2019, 4:43 PM IST

গুৱাহাটী,2 ডিচেম্বৰঃঅসমবাসীলৈ সুখবৰ কঢ়িয়াইছে অসমৰ সংগীত পৰিচালক অনুৰাগ শইকীয়াই ৷ ৷ প্ৰজেক্ট বৰগীত নামেৰে বিশ্ব দৰবাৰত জিলিকিছে মহাপুৰুষ দুজনাৰ সৃষ্টি ৷ ১৫ শ শতিকাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতক এতিয়া বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ এক নতুন প্ৰচেষ্টা চলাইছে অসম সন্তান তথা সংগীত পৰিচালক অনুৰাগ শইকীয়াই ৷

প্ৰজেক্ট বৰগীত

অনুৰাগ শইকীয়াৰ সপোনৰ প্ৰজেক্ট হৈছে এই প্ৰজেক্ট বৰগীত ৷ 100 জন বাদ্যযন্ত্ৰবিদৰ সমাহাৰেৰে প্ৰথম বাৰৰ বাবে নিৰ্মাণ হৈছে এই বৰগীত ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হৈছে অনুৰাগ শইকীয়াৰ সপোনৰ প্ৰজেক্ট বৰগীতত । মেচিডনিয়াত বৰগীতৰ বাণীবন্ধনৰ কাম সম্পন্ন হোৱাৰ লগতে অসমৰ বিভিন্ন ঠাইত সম্পন্ন হৈছে দৃশ্যগ্ৰহণৰ কাম ৷ অনুৰাগ শইকীয়াৰ এই প্ৰচেষ্টাই বৰগীতক দিছে এতিয়া অন্য এক মাত্ৰা । এই 'প্ৰজেক্ট বৰগীত'ক বিশ্ববাসীয়ে আদৰি ল'ব বুলি যথেষ্ট আশাবাদী অনুৰাগ শইকীয়া ।

ABOUT THE AUTHOR

...view details