গুৱাহাটী,১৬ আগষ্ট: এটা ভয়ংকৰ বোমা বিস্ফোৰণ মুহুৰ্তৰ ভিতৰতে সকলো শেষ হৈ গৈছিল ৷ এটা ভুল সিদ্ধান্তৰ বাবেই সকলো শেষ হৈ গৈছিল নে পৰিকল্পিত ভাৱে সকলো ঘটনা সংঘটিত হৈছিল সেয়া যিয়েই নহওক ১৫ বছৰ পূৰ্বে ধেমাজিত সংঘটিত হোৱা ঘটনা কোনেও পাহৰিব নোৱাৰে৷ স্বাধীনতা দিৱস উদযাপন থলীত ২০০৪ চনত আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ ৷ সেই দিন ধৰি বিগত 14 বছৰে 15 আগষ্ট দিনটো পালন কৰি অহা হৈছে "শোক দিৱস" হিচাপে । সন্ত্ৰাসবাদী সংগঠন আলফাই সংঘটিত কৰা এই বিস্ফোৰণত প্ৰাণ গৈছিল ১৮ জনকৈ লোকৰ ৷ ইয়াৰ ভিতৰত দহটি ফুলকুমলীয়া শিশুও আছিল ৷
ধেমাজি কাণ্ডৰ ১৫ বছৰঃ পৰেশ বৰুৱাক 5 বছৰ কিয় লাগিল ?
ধেমাজিকাণ্ডৰ ন্যায়িক বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত থাকি গ'ল কিহৰ বাবে আলফাই সংঘটিত কৰিছিল এই ঘটনা? কেৱল নিজৰ শক্তি আৰু অস্তিত্ব জাহিৰ কৰিবলৈকে আলফাই কাঢ়ি নিছিল নেকি দহটি শিশুকে ধৰি ১৮ গৰাকীকৈ লোকৰ প্ৰাণ? সেই ঘটনাৰ পোন্ধৰ বছৰ পিছত ই টিভি ভাৰতৰ সাংবাদিক গৌতম বৰুৱাৰ সৈতে মুখামুখি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ।
অনুপ চেতিয়াই কি ক্ষমা খুজিব ?
কি ক'লে অনুপ চেতিয়াই? সেই বিস্ফোৰণৰ বহু সময় পিছলৈকে আলফাই ইয়াৰ দায়িত্ব লবলৈ অস্বীকাৰ কৰি আহিছিল । কিন্তু কিয় ? বিস্ফোৰণৰ পাচ বছৰ পিছতহে পৰেশ বৰুৱাই সেই ঘটনা আলফাৰ দ্বাৰাই সংঘটিত হৈছিল আৰু ইয়াৰ বাবে আলফা অনুতপ্ত বুলি স্বীকাৰ কৰিছিল । সত্যক স্বীকাৰ কৰি ল'বলৈ পৰেশ বৰুৱাক পাচ বছৰ সময় লাগিছিল কিয়? অনুপ চেতিয়াৰ মতে বিপ্লৱ কৰিলে ভুল স্বীকাৰ কৰি লবলৈ সৎসাহসো থাকিব লাগে । চাওক এই বিশেষ সাক্ষাৎকাৰ ।