গুৱাহাটী, ৪ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সৰৱ প্ৰব্ৰজন বিৰোধী মঞ্চ সমন্বয়ক উপমন্যু হাজৰিকা । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি প্ৰক্ৰিয়া সেয়া ১৯৭৬ চনৰ পৰাই স্থগিত হৈ আছিল । হঠাৎ ২০২৩ চনত কি বাধ্যবাধকতাত পৰি এই প্ৰক্ৰিয়া কৰিব লগীয়া হ'ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । যি সমষ্টি পুনৰ নিৰ্ধাৰণ NRC সম্পূৰ্ণ হোৱা আৰু খিলঞ্জীয়াৰ বাবে ৬ নং দফা কাৰ্যকৰী হোৱাৰ পিছতহে কৰিব লাগিছিল সেয়া এতিয়াই কিয় কৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে ।
মুখ্যমন্ত্ৰী হৈ ড৹হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা নীতি, মিছন বসুন্ধৰা 2.0 ৰ জৰিয়তে ২০১১ চনলৈকে অহা বাংলাদেশীক ভূমি আবন্টনৰ আঁচনি, সমষ্টি পুনৰ নিৰ্ধাৰণ ইত্যাদি কাৰ পক্ষত বুলি প্ৰশ্ন উত্থাপন কৰি এয়া অসম চুক্তি, NRC,খিলঞ্জীয়া সংৰক্ষণক গুৰুত্বহীন কৰা ষড়যন্ত্ৰ বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পক্ষত যুক্তি আগবঢ়াইছে যে সেয়া NRC আৰু ৬নং দফাৰ বিফলতাৰ বাবেহে কৰিব লগীয়া হৈছে, যিটো সম্পূৰ্ণ অযুক্তিকৰ, ভিত্তিহীন আৰু গোকাত মিছা।
NRC পুনৰীক্ষণ কৰিলেই এখন শুদ্ধ NRC হ'ব আৰু সেই সন্দৰ্ভত NRCৰ প্ৰাক্তন সমন্বয়কে পুনৰীক্ষণৰ যুক্তিত তথ্য উদঙাই প্ৰমাণ কৰি দিছিল যে কি ধৰণে NRCত বাংলাদেশীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল আৰু লগতে সেই নাম বাতিল কৰাৰ প্ৰক্রিয়াও উল্লেখ কৰিছিল । NRCৰ সম্পূৰ্ণ তথ্য ইতিমধ্যেই digitiseকৰা হৈছে বুলি উল্লেখ কৰি সেয়ে এই পুনৰীক্ষণ প্ৰক্ৰিয়াটো অতি সহজে কৰিব পৰা যাব বুলি কয় । পুনৰীক্ষণৰ বাবে পুনৰ চৰজমিন তদন্তৰ প্রয়োজন নাই আৰু কিছু ক্ষেত্ৰত প্ৰয়োজন হ'লেও বহু কম মাত্ৰাত চৰজমিন তদন্ত কৰিব লগীয়া হ'ব । তেওঁ পুনৰ কয় যে পুনৰীক্ষনৰ বাবে আইনগতভাৱে চৰকাৰৰ সম্পূৰ্ণ ক্ষমতা আছে য'ত উচ্চতম ন্যায়ালয়ৰো অনুমতিৰ কোনো প্ৰয়োজন নাই । ৬ নং দফা কাৰ্যকৰী কৰিলে খিলঞ্জীয়াৰ বাবে যি সংৰক্ষণ হ'ব লাগে সেই সংৰক্ষণ অসম বিধানসভাই আইন প্ৰণয়ন কৰি ভূমি,চৰকাৰী চাকৰি,সম্পদ,উচ্চ শিক্ষা আদিক অনায়াসে সংৰক্ষিত কৰিব পাৰে । ইয়াৰ কাৰণে কেৱল ৬৪ জন বিধায়কৰ প্ৰয়োজন । ইতিমধ্যেই খিলঞ্জীয়াৰ ভোটত ৬৪ তকৈ অধিক বিধায়ক নিৰ্বাচিত হৈছে ।