অসম

assam

ETV Bharat / state

গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক - যুৱ কল্যান মন্ত্ৰালয়

গুৱাহাটীত থকা 'নেচনেল ইনষ্টিটিউট অফ ফাৰ্মাছিউটিকেল এডুকেছন এণ্ড ৰিচাৰ্ছ' চমুকৈ নিপাৰ আৰু 'নেচনেল ড'প টেষ্টি লেবৰেটৰী'ৰ বিজ্ঞানী সকলৰ P-0H Prerenylamine ৰেফাৰেন্স মেটেৰিয়েলৰ উদ্ভাৱন ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া ৷

anti-doping-innovation-by-guwahati-scientist
গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

By

Published : Jan 30, 2021, 8:11 PM IST

গুৱাহাটী, 30 জানুৱাৰী :এন্টি ডপিং পৰীক্ষাক লৈ সমগ্ৰ বিশ্বৰে ক্ৰীড়াপ্ৰেমী সচেতন । তৃনমূলৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতালৈ সকলোতে ডপিং পৰীক্ষাই এক ভূমিকা লৈ আহিছে । এই বিষয়টোক শেহতীয়াকৈ নতুন উদ্ভাৱনেৰে অন্য মাত্ৰা প্ৰদান কৰিছে গুৱাহাটীত থকা 'নেচনেল ইনষ্টিটিউট অফ ফাৰ্মাছিউটিকেল এডুকেছন এণ্ড ৰিচাৰ্ছ' চমুকৈ নিপাৰ আৰু 'নেচনেল ড'প টেষ্টি লেবৰেটৰী'ৰ বিজ্ঞানী সকলে ।

NDTL প্ৰতিষ্ঠানৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিৰিজুৰ সৈতে বিজ্ঞানী সকল

বিজ্ঞানীৰ দলটোৰ এই উদ্ভাৱনক লৈ বিশেষ উৎসাহ প্ৰদৰ্শন কৰিছে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰালয়ে । বিভাগীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে দুয়োটা প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলটোক ধন্যবাদ জনাই কয় যে, এই গৱেষণাই ভাৰতক বিশ্বৰ মজিয়াত নতুনকৈ পৰিচয় কৰাই দিছে ।

মন কৰিবলগীয়া যে, P-0H Prerenylamine ৰেফাৰেন্স মেটেৰিয়েলৰ ৰূপত আত্মপ্ৰকাশ কৰা এই উদ্ভাৱনৰ দ্বাৰা এন্টি ডপিং পৰীক্ষা অধিক নিখুটভাৱে কৰিব পৰা যাব । ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত পৰিচালিত গুৱাহাটীত থকা নিপাৰ নামৰ সংস্থাটো হ'ল দেশৰ এটা আগশাৰীৰ গবেষণা সংস্থা । এন্টি ডপিং পৰীক্ষাৰ জগতলৈ আগবঢ়োৱা অৰিহনাৰ বাবে এই সংস্থাৰ উদ্ভাৱনক দেশৰ বাহিৰে ভিতৰে প্ৰচাৰ আৰু প্ৰসাৰৰ পদক্ষেপ লোৱা হ'ব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে ।

উল্লেখযোগ্য যে, এই উদ্ভাৱনক আন্তঃৰাষ্ট্ৰীয় সংস্থা 'ৱল্ড এন্টি ডপিং এজেঞ্চি' (WADA) য়ে গুৰুত্ব সহকাৰে লৈছে বুলি বাতৰিত প্ৰকাশ পাইছে । 'ৱাডা' ৰ স্বীকৃতিয়ে বিষয়টোক যে বিশেষ মাত্ৰা প্ৰদান কৰিব সেয়া নিশ্চিত । ঔষধি আৰু ভেষজ বিজ্ঞানলৈ বিশেষভাৱে অৰিহনা যোগোৱা গুৱাহাটীত থকা নিপাৰ নামৰ সংস্থাটো হ'ল দেশৰ অন্যতম পাঁচটা আগশাৰীৰ গৱেষণা সংস্থাৰ ভিতৰত এটা । একেদৰে, 'নেচনেল ডপ টেষ্টি লেবৰেটৰী'য়েও এন্টি ডপিং পৰীক্ষাৰ ক্ষেত্ৰত নতুন-নতুন গৱেষণাৰে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :আমগুৰিৰ প্ৰতিটো ঘৰতে মেলিছে বৃহৎ ফাঁট!

ABOUT THE AUTHOR

...view details