অসম

assam

By

Published : Jan 22, 2020, 11:44 PM IST

ETV Bharat / state

কটনৰ গণ অনশনত জেএনইউৰ ছাত্ৰীৰ অংশগ্ৰহণ

কটনৰ ছাত্ৰ সমাজে আয়োজন কৰা গণ অনশনত জেএনইউৰ ছাত্ৰী অপলা হাজেৰ অংশগ্ৰহণ ৷ সকলোকে একগোট হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন চলাই নিয়াৰ আহ্বান ছাত্ৰী গৰাকীৰ ৷

কটনৰ গণ অনশন
কটনৰ গণ অনশন

গুৱাহাটী, 22 জানুৱাৰীঃবিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কটনৰ ছাত্ৰ সমাজে আয়োজন কৰা গণ অনশনত অংশগ্ৰহণ জেএনইউৰ ভাষা বিভাগৰ ছাত্ৰী অপলা হাজেৰ ।তেওঁ কয়, 'নাগৰিকত্ব সংশোধনী আইন আমি কোনোপধ্যেই মানি নলওঁ আৰুউচ্চতম ন‍্যায়ালয়ে আজি যি নিৰ্দেশ দিলে আমি তাক সন্মান কৰো আৰু আমি পৰবৰ্তী শুনানিলৈ বাট চাম ।' ইয়াৰোপৰি ছাত্ৰী গৰাকীয়ে ছাত্ৰ সমাজক একগোট হৈ আন্দোলনটো আগবঢ়াই নিবৰ বাবে আহ্বান জনায় ৷ লগতে অসমৰ যিসকল আন্দোলনকাৰীক চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায় ।

কটনৰ গণ অনশনত জেএনইউৰ ছাত্ৰীৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details