অসম

assam

ETV Bharat / state

১২ ডিচেম্বৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা বিৰোধী আন্দোলন - ড৹ হীৰেন গোহাঁই

ৰাজ্যত পুনৰ আৰম্ভ হ’ব কা বিৰোধী আন্দোলন ৷ শনিবাৰে কা বিৰোধী সমন্বয় সমিতিয়ে সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে জনায় যে 12 ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব কা বিৰোধী সভা ৷

CAA protest Assam
কা বিৰোধী সমন্বয় সমিতি, অসমৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:52 PM IST

কা বিৰোধী সমন্বয় সমিতি, অসমৰ সংবাদমেল

গুৱাহাটী, ৯ ডিচেম্বৰ :১২ ডিচেম্বৰত গুৱাহাটীত আয়োজন কৰা হৈছে 'কা' বিৰোধী প্ৰতিবাদী সভা । গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ 'শিক্ষক ভৱন'ত অনুস্থিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কা বিৰোধী প্ৰতিবাদী সভা । কা বিৰোধী সমন্বয় সমিতি, অসমৰ উদ্যোগত আয়োজন কৰা হ'ব উক্ত কা বিৰোধী প্ৰতিবাদী সভা ৷ এই কথা আজি কা বিৰোধী সমন্বয় সমিতি অসমৰ সভাপতি ড৹ হীৰেন গোহাঁয়ে জানিবলৈ দিয়ে ।

শনিবাৰে গুৱাহাটী ক্লাৱৰ সমীপৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে উক্ত সভাত বিজেপি বিৰোধী দলসমূহৰ নেতৃত্ব উপস্থিত থাকিব । ১৫ টাকৈ বিৰোধী দলে ভাগ ল'ব অনুষ্ঠানত । ৫ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই বিয়লি সমগ্ৰ ৰাজ্যজুৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

সংবাদমেলত ড৹ গোহাঁয়ে কয়, ‘‘ চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ অগণন মানুহ ৰাজপথলৈ ওলাই আহিছিল কা আন্দোলন কৰিবলৈ । কা বিৰুদ্ধে জনজাগৰণ হৈছিল স্বতঃস্ফূতভাৱে । কা কাৰ্যকৰী কৰিম বুলি কোৱাৰ অন্তৰালত বিজেপিৰ নিৰ্বাচনী অংক আছে । কা আইনে অসমৰ স্বকীয়তাত আঘাত হানিব চূড়ান্তভাৱে ।’’

জাতি, মাটি, ভেটিত বিজেপিয়ে ইতিমধ্যে চিপৰাং মাৰিছে বুলি মন্তব্য কৰি ড৹ গোঁহায়ে কয় যে জাতি ৰক্ষাৰ স্বাৰ্থত অসমৰ ৰাইজে পুনৰ কা আন্দোলন তীব্ৰতৰ কৰি তুলিব লাগিব ৷ কা আন্দোলনৰ ৫ শ্বহীদৰ ত্যাগক অসমৰ জনতাই সাৰ্থক কৰিব লাগিব । প্ৰাণ দি হ'লেও দেশ, জাতি ৰক্ষা কৰিবলৈ আহ্বান জনায় ড৹ হীৰেণ গোহাঁয়ে ৷

তেওঁ কয় যে কা কাৰ্যকৰী হ'লে কমেও ২০ লাখ মানুহ অসমলৈ আহিব । কা আন্দোলনৰ একাংশ নেতৃত্বৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে হীৰেন গোহাঁইয়ে । তেওঁ কয় যে একাংশই আন্দোলনৰ নামত নাচ-গান, অভিনয় কৰি শাসক পক্ষৰ শৰণাপন্ন হৈ জাতিটোক প্ৰতাৰনা কৰিলে । সেই নেতৃত্বই ৫ জন শ্বহীদকো শ্বহীদ হিচাবে সন্মান দিব বিচৰা নাছিল । কেৱল ৰাইজৰ ৰোষত পৰাৰ ভয়তহে বহু পলমকৈ সেই সন্মান জনালে বুলি ড৹ গোঁহায়ে মন্তব্য কৰে ।

লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ মূল ইছ্যু কা বিৰোধ হ'ব লাগে বুলিও তেওঁ কয় । আনহাতে তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰি কয়, ‘‘ তিনি ৰাজ্যত বিজয়ৰ পিছত বিজেপিয়ে নতুন উৎসাহেৰে আৰম্ভ কৰিছে গণতন্ত্ৰবিৰোধী কামবোৰ । মোদী আৰু আদানীক তীক্ষ্ণ বাক্যবানেৰে থকা-সৰকা কৰাৰ বাবেই মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰা হ'ল । মোদী-আদানীক সমালোচনা সংসদৰ মজিয়াত যাতে কৰিব নোৱাৰে তাৰ বাবেই এই কাম কৰা হ'ল ।’’

লগতে পঢ়ক :আকৌ কা... অমিত শ্বাহক হিটলাৰ আখ্যা অখিল গগৈৰ

ABOUT THE AUTHOR

...view details