অসম

assam

ETV Bharat / state

Covid 19 Update : ক'ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত অসমৰ আন এক সফলতা - health deparment

শনিবাৰে দুপৰীয়া ১:৩০ বজালৈকে ৰাজ্যত মুঠ ৩,০০,২৫,৯৩২ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় । এই পৰ্যন্ত ৰাজ্যত ২,০৪,৪৪,৬৫৭ গৰাকী লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰাৰ বিপৰীতে ৯৫,৮১,২৮৫ লাখ লোকে দুয়োপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Covid 19 Update
ক'ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত অসমৰ আন এক সফলতা

By

Published : Nov 13, 2021, 8:50 PM IST

গুৱাহাটী,১৩ নৱেম্বৰ : ৰাজ্যত ৩ কোটি পালিক'ভিড প্ৰতিষেধক প্ৰদানৰ সীমা শনিবাৰে সফলতাৰে অতিক্ৰম কৰিলে স্বাস্থ্য বিভাগে । শনিবাৰে দুপৰীয়া ১:৩০ বজালৈকে ৰাজ্যত মুঠ ৩,০০,২৫,৯৩২ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । এই পৰ্যন্ত ৰাজ্যত ২,০৪,৪৪,৬৫৭ গৰাকী লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰাৰ বিপৰীতে ৯৫,৮১,২৮৫ লাখ লোকে দুয়োপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে ।

উল্লেখ যে, অসমে ১ কোটি পালিৰ সীমা পাৰ কৰিছিল ২৭ জুলাইত আৰু ১১ ছেপ্তেম্বৰত অতিক্ৰম কৰিছিল ২ কোটি পালি ক'ভিড প্ৰতিষেধকৰ সীমা । শনিবাৰে সম্পূৰ্ণ কৰিলে ৩ কোটি ভেকচিন প্ৰদানৰ সীমা । ইয়াৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

ক'ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত অসমৰ আন এক সফলতা

ৰাজ্য চৰকাৰৰ এই বৃহৎ সফলতাৰ পাচতো ৰাজ্যৰ ৩০,২২,১৪৯ লোকে এতিয়াও লোৱা নাই এপালিও ক’ভিড ভেকচিন । ১৮ বছৰৰ ঊৰ্দ্ধৰ ২,৩৪,৬৬,৮০৬ গৰাকী লোকৰ বিপৰীতে এতিয়ালৈকে প্ৰথমপালি ভেকচিন গ্ৰহণ কৰিছে ২,০৪,৪৪,৬৫৭ গৰাকী লোকে । ৰাজ্য চৰকাৰখনে কৰ'ণাৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ কাম ক্ষীপ্ৰ কৰি তুলিছে ।

লগতে পঢ়ক :গুৱাহাটীৰ এটা অঞ্চলত নাহৰফুটুকীৰ ত্ৰাসে নিদ্ৰা হৰিছে ৰাইজৰ

ৰাজ্যজুৰি অব্যাহত আছে মেঘা টীকাকৰণ কাৰ্যসূচী । কিন্তু তথাপিও ৰাজ্যখনত এতিয়াও ১৮ বছৰৰ ঊৰ্দ্ধৰ ৩০,২২,১৪৯ গৰাকী লোকে এপালিও ভেকচিন লোৱা নাই । মন কৰিবলগীয়া কথা যে, ৰাজ্যখনত বিগত কেইদিনত ক'ভিড সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ।

ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সংক্ৰমণৰ হাৰ সৰ্বাধিক । ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড সম্পৰ্কীয় নীতি-নিয়মসমূহ পৰ্যায়ক্ৰমে শিথিল কৰাৰ পাচত এতিয়া ৰাজ্যৰ বজাৰে-সমাৰে সকলোতে জনসমাগম বৃদ্ধি পাবলৈ পৰিছে । পৰিৱেশ স্বাভাৱিক হৈ পৰিছে ।

সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি নিৰ্দেশনা এতিয়া বাস্তৱত নাই । ইফালে ৰাজ্যখনত ১৯ অক্টোবৰৰ পৰা সকলো বিদ্যালয়তে পুনৰ পাঠদান আৰম্ভ হৈছে যদিও বহু বিদ্যালয় ক'ভিড সংক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে । ইফালে দ্বিতীয় পালি ভেকচিন সময়মতে নোলোৱা লোকৰ সংখ্যাও আঠ লাখৰো অধিক আছে ।

লগতে পঢ়ক :অসমৰ ক'ত ওলাইছে সোণালী বৰটোপ !

ABOUT THE AUTHOR

...view details