গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী:মুখ খুলিছে গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাই । পাণবজাৰ মহিলা আৰক্ষী থানাত মাৰাথান জেৰা মুখ খুলিছে বন্দনা কলিতাই । জেৰাত পোহৰলৈ আহিছে বন্দনা কলিতাৰ ন ন তথ্য (Guwahati Double Murder case) । আৰক্ষীৰ জেৰাত ওলাইছে ইটোৰ পিছত সিটো তথ্য । অমৰজ্যোতি দে ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা কলিতা । তাৰ পিছতে বন্দনাই গম পাইছিল শংকৰী দে‘ৰ অগাধ সম্পত্তি কথা । শংকৰী দে’ অগাধ সম্পত্তি দেখি অমৰক প্ৰেমৰ জাল পেলাইছিল বন্দনাই (Brutal murder in Guwahati) ।
অমৰক প্ৰেমৰ জালত পেলোৱাৰ মূল কাৰণ আছিল শংকৰী দে’ৰ সম্পত্তি । কেনেকৈ সেই সম্পত্তি সৰকাব পাৰি তাৰ পাং পাতিছিল বন্দনাই আৰু অৱশেষত অমৰজ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ শংকৰী দে’ৰ অগাধ ধন-সম্পত্তিৰ মালিকনী হোৱাৰ পৰিকল্পনা কৰিছিল বন্দনাই । শংকৰী দে’ৰ পৰা সম্পত্তি কেনেকৈ নিজৰ নামত আনিব পাৰি তাৰবাবে ধনটি ডেকা আৰু অৰূপ ডেকাক সৈতে আলোচনা কৰিছিল বন্দনাই (Bandana Kalita Murder case) ।
এই অনুসৰি শাহু শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক ২৩ দিনৰ ব্যৱধানত দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাই লগত লৈ বন্দনা কলিতাই হত্যা কৰিছিল (Mother and son killed in Guwahati) ।