গুৱাহাটী, 16 ডিচেম্বৰ:অসমৰ নাট্য আন্দোলনৰ এক দীঘলীয়া বাটচ’ৰাত বিভিন্ন সময়ত বিভিন্নজন নাট্যকৰ্মীয়ে ভিন্ন নাট্য পৰীক্ষা চলায় অহা পৰিলক্ষিত হৈ আহিছে ৷ নাট্য জগতখনত নাট্যচিন্তা, নাট্য শিল্পক লৈ বিভিন্ন সময়ত বিভিন্নজনে চলায় যোৱা পৰীক্ষা-সম্পৰীক্ষাৰ ক্ষেত্ৰত সদায়ে নাম ল’ব লাগিবশুক্ৰাচাৰ্য ৰাভাৰ (Badungduppa Kala Kendra of Shukracharya Rabha) ৷শুক্ৰাচাৰ্য ৰাভাৰ অনবদ্য সৃষ্টি বাদুংদুপ্পা কলা কেন্দ্ৰই 2022 বৰ্ষত ভৰি থ’লে 24 বছৰত (Badungduppa Kala Kendra celebrating 24 years) ৷
বিগত বছৰসমূহৰ দৰে এই বছৰো শাল গছৰে আবৃত্ত প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত কৰা হৈছে ' আণ্ডাৰ দ্যা শাল ট্ৰি' 2022 ৰ ত্ৰয়োদশ বাৰ্ষিক নাট্য সমাৰোহ (Under the Sal tree) । 1998 চনত গোৱালপাৰাৰ ৰামপুৰত নাট্যকাৰ, অভিনেতা, পৰিচালক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ ঐকান্তিক প্ৰচেষ্টাৰ ফচল বাদুংদুপ্পা কলাকেন্দ্ৰ তথা 'আণ্ডাৰ দ্যা শাল ট্ৰি 'ৰ মঞ্চত এতিয়া দেশী বিদেশী নাট্যকাৰ পৰিচালক অভিনেতাৰ সমাহাৰ ।
বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ' আণ্ডাৰ দ্যা শাল ট্ৰি ' ত্ৰয়োদশ বাৰ্ষিক নাট সমাৰোহত বিভিন্ন ভাষা, বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা লোকাচাৰো জিলিকি উঠা পৰিলক্ষিত হ’ল । যান্ত্ৰিক শব্দ-পোহৰ বিহীন প্ৰাকৃতিক পৰিৱেশৰ অকৃত্ৰিম নাট্যমঞ্চত বিগত বছৰসমূহৰ দৰে এইবাৰো অনুষ্ঠিত হয় নাট সমাৰোহখনি ।