গুৱাহাটী,10 জানুৱাৰী :চলিত বৰ্ষৰ 8, 9 আৰু 10 জানুৱাৰীত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্য্যসূচীৰে বোন্দাস্থিত বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ 44 সংখ্যক বাৰ্ষিক অধিৱেশন(Annual conference of srimanta Sankardev Sangha of Guwahati branch) । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ 44 সংখ্যক বাৰ্ষিক অধিবেশন আৰু শিশু আই মাতৃ কল্যান সমিতিৰ ৰূপালী জয়ন্তী মহোৎসৱত (Silver Jubilee of Aai Matri Kalyan Samiti)মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় ৷
অধিৱেশনৰ দ্বিতীয়দিনা পুৱা ৯ বজাত আয়তী সকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পিছত দিনৰ ভাগত আই মাতৃ শাখাৰ সাধাৰণ পৰিষদখন অনুষ্ঠিত কৰা হয় ৷ গুৱাহাটী মহানগৰী জিলা শাখাৰ শিশু আৰু আই মাতৃ কল্যান সমিতিৰ সভানেত্ৰী সৰোজ মালীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই মুকলি সভাত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আৰু আই মাতৃ কল্যান শাখা সমিতিৰ উপদেষ্টা উৰ্মিলা পাঠক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ কল্যান সমিতিৰ সহকাৰী সম্পাদিকা গুনপ্ৰভা দেৱী, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আৰু আই মাতৃ কল্যান সমিতিৰ উপদেষ্টা মামণি চলিহাকে আদি কৰি কেইবাগৰাকীও জেষ্ঠ অতিথি ৷