অসম

assam

By

Published : Aug 27, 2022, 9:29 PM IST

ETV Bharat / state

ৰাজ্যিক কলা বীথিকাত ৩৮ গৰাকী শিল্পীৰ চিত্ৰকলাৰ সমাহাৰ

গুৱাহাটীৰ ৰাজ্যিক কলা বীথিকাত অসম চাৰু-কাৰু কলা পৰিষদৰ বাৰ্ষিক কলা প্ৰদৰ্শনী (Annual Art Exhibition of Assam Fine Arts and Crafts society) । ১০ ছেপ্তেম্বৰলৈ চলিবলগীয়া প্ৰদৰ্শনীখন উদ্বোধন কৰে সাংসদ কুইন ওজাই ।

ৰাজ্যিক কলা বীথিকাত ৩৮ গৰাকী শিল্পীৰ চিত্ৰকলাৰ সমাহাৰ
ৰাজ্যিক কলা বীথিকাত ৩৮ গৰাকী শিল্পীৰ চিত্ৰকলাৰ সমাহাৰ

গুৱাহাটী, ২৭ আগষ্ট :শিল্পীৰ সৃষ্টিশীলতাৰ সমাহাৰ ঘটিছে গুৱাহাটীৰ ৰাজ্যিক কলা বীথিকাত । শনিবাৰৰ পৰা ৰাজ্যিক কলা বীথিকাত আৰম্ভ হৈছে অসম চাৰু-কাৰু কলা পৰিষদৰ বাৰ্ষিক কলা প্ৰদৰ্শনী (Annual Art Exhibition of Assam Fine Arts and Crafts society) । ৰাজ্যৰ ৩৮ গৰাকী শিল্পীৰ চিত্ৰৰ সমাহাৰ ঘটা এই প্ৰদৰ্শনী ১০ ছেপ্তেম্বৰলৈ চলিব ।

ৰাজ্যিক কলা বীথিকাত ৩৮ গৰাকী শিল্পীৰ চিত্ৰকলাৰ সমাহাৰ

শনিবাৰে এই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই । এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত পৰ্যটন বিভাগৰ যুটীয়া সচিব দেৱজিত খনিকৰ, প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মা, বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ, বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী, শিল্পী ৰাজীৱ মেনন আৰু অসম চাৰু-কাৰু কলা পৰিষদৰ কাৰ্যকৰী সভাপতি দিলীপ তামুলীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে, ১৯৭১ চনতে গঢ় দিয়া অসম চাৰু-কাৰু কলা পৰিষদে ৫২ বছৰত ভৰি দিলে ।

ৰাজ্যিক কলা বীথিকাত ৩৮ গৰাকী শিল্পীৰ চিত্ৰকলাৰ সমাহাৰ

ক’ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত পৰিষদে বাৰ্ষিক কলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে । প্ৰদৰ্শনীত প্ৰখ্যাত চিত্ৰ শিল্পী নীলপৱন বৰুৱাকে ধৰি পুলক গগৈ, সোনাৰাম নাথ, কন্দৰ্প শৰ্মা, দিলীপ তামুলী, দিপ্তেন্দু ভৱাল, অতুল চন্দ্ৰ বৰুৱা, কৃষ্ণ গোস্বামী, পৰিনিতা বুজৰবৰুৱা, জ্যোতি প্ৰসাদ দাস, ৰাতুল চন্দ্ৰ গগৈ, শোভাকৰ লস্কৰ, জ্যোতি কুমাৰ কলিতা, কমল কুমাৰ মহন্ত, আকৰ্নভ কলিতা, মুকুল শৰ্মা, মনিকা দেৱী, বাহাৰুল ইছলাম লস্কৰ, শিৱ প্ৰসাদ মাৰাৰ, ৰঞ্জিত ধৰ, উপাশনা বৰা আদিকে ধৰি ৩৮ গৰাকী শিল্পীৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে । প্ৰদৰ্শনীখন নবীন-প্ৰবীণ শিল্পীৰ সৃষ্টিৰে মুখৰ হৈছে ।

লগতে পঢ়ক :মাজুলীলৈ বাহিৰাগত লোকৰ আগমনত চকু দিয়াৰ আহ্বান সত্ৰাধিকাৰৰ

ABOUT THE AUTHOR

...view details