গুৱাহাটী, ১৬ ডিচেম্বৰ :ঘোষণা কৰা হ’ল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া (Youth Congress Election)। ইয়াৰ লগে লগে ভংগ হ’ল বৰ্তমানৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ কমিটীখন । অৱশ্যে প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্ত সভানেত্ৰীৰ দায়িত্বতে থাকিব । বৃহস্পতিবাৰে এই কথা সদৰী কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক বৰ্ধন যাদৱে ।
গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত বৰ্ধন যাদৱৰ লগতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ দায়িত্বত থকা অৰুণ গাৰ্গ আৰু নাছিৰ হুছেইনে নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কে সদৰী কৰে । সংবাদমেলত বৰ্ধন যাদৱে কয় যে, নিৰ্বাচনী প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন কমিটী ২০১৮ চনৰ ২৭ নৱেম্বৰত গঠন হৈছিল । যুৱ কংগ্ৰেছৰ সংবিধান অনুসৰি তিনি বছৰৰ বাবে কমিটীখন থাকে আৰু তিনি বছৰ পাচত নিৰ্বাচন অনুষ্ঠিত হয় ।
২০২১ চনত ক’ভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল আৰু উপ-সভাপতিৰ দায়িত্বত থকা অংকিতা দত্তক সভাপতি (Assam IYC President Angkita Dutta) হিচাপে বাচনি কৰি এবছৰৰ বাবে দায়িত্ব দিয়া হৈছিল । এবছৰ সম্পূৰ্ণ হোৱাৰ পাচত এতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । অসমত ভাৰত জোড়ো যাত্ৰা চলি থকা বাবে ঘোষণা কৰা হোৱা নাছিল ।
লগতে পঢ়ক :Assam IYC President Angkita Dutta: ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে: অংকিতা দত্ত
তেওঁ লগতে কয় যে, দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ অনুমতি সাপেক্ষ্যে এই নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । আনহাতে, এই বিষয়ত অংকিতা দত্তই কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অংকিতা দত্ত এগৰাকী দক্ষ নেত্ৰী আৰু তেওঁ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ।
নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে নিয়ম মতেই, বৰ্তমানৰ কমিটীখন ভংগ হৈছে যদিও নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্তই প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থাকিব । তেওঁৰ বিৰুদ্ধে অংকিতা দত্তই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, কিবা ক’বলগীয়া থাকিলে দলৰ মজিয়াত কলেই হ’ব । দলৰ বাহিৰত কোৱাৰ কথা নাই ।