অসম

assam

ETV Bharat / state

অন্ত পৰিল ৰাষ্ট্ৰীয় পশুধন মেলাঃ শৈলেন চৌধৰীলৈ শ্ৰেষ্ঠ পশুপালকৰ সন্মান

সামৰণি অনুষ্ঠানত উপস্থিত ৰাজ্যপাল জগদীশ মুখী, কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক প্ৰদীপ হাজৰিকা, পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াকে আদি কৰি বহুকেইগৰাকী গন্য-মান্য ব্যক্তি ৷

খানাপাৰাত সামৰণি পৰিল ৰাষ্ট্ৰীয় পশুধন মেলাৰ

By

Published : Nov 10, 2019, 11:33 PM IST

গুৱাহাটী, 10 নৱেম্বৰঃদেওবাৰে অন্ত পৰিল ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলা । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছিল এই মেলা । সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী, কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক প্ৰদীপ হাজৰিকা, পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াকে ধৰি বহুতো গন্য-মান্য ব্যক্তি ।

খানাপাৰাত সামৰণি পৰিল ৰাষ্ট্ৰীয় পশুধন মেলাৰ

আনহাতে, এই অনুষ্ঠানত প্ৰদান কৰা হয় ৰাজ্যখনৰ শ্ৰেষ্ঠ পশুপালক বঁটা । শৈলেন চৌধৰী নামৰ ব্যক্তি গৰাকীক শ্ৰেষ্ঠ পশুপালক বঁটাৰে সন্মানিত কৰাৰ লগতে ১ লাখ টকাৰে পুৰষ্কৃত কৰা হয় ৷ এই মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে ।

ABOUT THE AUTHOR

...view details