গুৱাহাটী, ৯ জুলাই : ইটোৰ পাছত সিটো গৃহকন্দলত বিধ্বস্ত অসম প্ৰদেশ কংগ্ৰেছ (assam pradesh congress committee) । কিছুদিন পূৰ্বে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, দলে-বলে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে গেৰুৱা বসন পিন্ধাৰ পাছতে শুকুৰবাৰে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছৰ দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাসহ বহুকেইগৰাকী কংগ্ৰেছ নেতাই । হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, (BJP) অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কংগ্ৰেছ দলৰ প্ৰাক্তন জ্যেষ্ঠ নেতা অনিল ৰাজা, প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছ নেতা পংকজ বৰবৰাই যোগদান কৰে বিজেপিত ৷
তাৰ সমান্তলাৰভাৱে অসমৰ বিভিন্ন জিলাৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে গুৱাহাটী মহানগৰীৰ (GUWAHATI) বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে । কংগ্ৰেছ দলৰ পৰা অহা সকলোকে বিজেপি দলৰ মজিয়ালৈ উষ্ম আদৰণি জনায় ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । উক্ত কার্যসূচীত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা, শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া, ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়, বেণুধৰ নাথ, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়াকে ধৰি ৰাজ্যিক বিষয়-ববীয়াসকল উপস্থিত থাকে ।
ইফালে, বিজেপিত যোগদান কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে অধিক আক্ৰমনাত্মক হৈ পৰে অনিল ৰাজা ৷ বিজেপিত যোগদান কৰিয়েই অনিল ৰাজাই ইটোৰ পাচত সিটো বিষ্ফোৰক মন্তব্য কৰে ।