অসম

assam

ETV Bharat / state

আংগুৰলতাক অপসাৰণ; ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদত স্বপ্নময় নিযুক্তি স্বপ্না বণিয়াক

আংগুৰলতা ডেকাক অৱশেষত অপসাৰণ কৰা হ’ল ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদৰ পৰা ৷ তেওঁৰ স্থলাভিসিক্ত কৰা হৈছে স্বপ্না বণিয়াক ৷ বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ সভাপতি আছিল স্বপ্না বণিয়া ।

state BJP Mahila Morcha President
BJP Mahila Morcha President Swapna Bania

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:38 PM IST

Updated : Dec 13, 2023, 6:41 PM IST

গুৱাহাটী, ১৩ ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী সলনি কৰা হৈছে ৷ অৱশেষত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আংগুৰলতাক ডেকাক অপসাৰণ কৰি নিযুক্তি দিয়া হৈছে নতুন সভানেত্ৰী ৷ স্বপ্না বণিয়াক ৰাজ্যিক মহিলা মৰ্চাৰ সভাপতি ৰূপে নিযুক্তি দিয়া হৈছে । বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি আছিল স্বপ্না বণিয়া । ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বুধবাৰে স্বপ্না বনিয়াক নতুন ৰাজ্যিক সভাপতি ৰূপে নিযুক্তি দিছে ৷

ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদত নিযুক্তি স্বপ্না বণিয়াক

উল্লেখযোগ্য যে যোৱা অক্টোবৰ মাহৰ পৰা নিস্ক্ৰিয় হৈ আছিল অপসাৰিত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আংগুৰলতা ডেকা । সংবাদ মাধ্যমৰ সন্মুখত ব্যক্তিগত কাৰণত ব্যস্ত থকা বুলি কৈ আহিলেও কিয় বিজেপিত আংগুৰলতা হঠাৎ কিয় অপ্ৰাসংগিক হৈ পৰিল সেয়াও ৰহস্যৰ আৱৰ্তত ৷

শেহতীয়াভাৱে হাৰিয়ানাৰ বিজেপিৰ গৰাকী জ্যেষ্ঠ নেতা ৰবীন্দ্ৰ ৰাজু ফণী শৰ্মাৰ ঠাইত অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত নিযুক্ত হৈছিল ৷ তাৰ পিছৰে পৰা ক্ৰমাৎ দলত সক্ৰিয়তা হ্ৰাস পাবলৈ ধৰে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী ৰূপে চৰ্চিত আংগুৰলতাৰ ডেকাৰ ৷

অসম বিজেপিৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ বাজপেয়ী ভৱনতো অক্টোবৰ মাহৰ পৰা আঢ়ৈমাহ ধৰি দেখা পোৱা যোৱা নাছিল আংগুৰলতাক । তথ্যমতে দিল্লীত নতুনকৈ ব্যৱসায় প্ৰতিষ্ঠা কৰা কামত ব্যস্ত হৈ আছে আংগুৰলতা ৷ সৌ সিদিনালৈকে আঙুৰলতা আছিল বিজেপিৰ এগৰাকী সপ্ৰতিভ নেত্ৰী ৷

আংগুৰলতা অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে অতি সক্ৰিয় আছিল ৷ সুন্দৰ অভিনয় কেৰিয়াৰৰ মাজতে ৰাজনীতিলৈ আগমন ঘটে আংগুৰৰ । ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে । ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা নিৰ্বাচিত হয় তেওঁ ৷ ২০২১ তো সমষ্টিটোৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও কংগ্ৰেছৰ প্ৰাৰ্থীৰ হাতত তেওঁ পৰাস্ত হয় ৷

পৰৱৰ্তী সময়ত বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপে আংগুৰলতা ডেকাক নিযুক্তি দিয়া হয় ৷ তাৰ পিছতেই ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ ব্যস্ত থকা দেখা গৈছিল আংগুৰলতাক ৷ গুৱাহাটী লোকসভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী ৰূপেও নাম চৰ্চিত হৈছিল আংগুৰলতাৰ ৷

হঠাৎ যেন ছন্দ পতন ঘটিল আংগুৰলতা ডেকাৰ ৷ এফালে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰণচালি ধৰি তুংগত প্ৰস্তুতি চলাইছে । আনফালে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আংগুৰলতা ৰহস্যজনকভাৱে নিস্ক্ৰিয় হৈ পৰিছে দলীয় সকলো কাম-কাজৰ পৰা ৷ অৱশেষত সিদ্ধান্ত ল’লে বিজেপিয়ে ৷ আংগুৰলতাক ডেকাক অপসাৰণ কৰি ৰাজ্যিক মহিলা মৰ্চাৰ নতুন সভাপতি ৰূপে নিযুক্তি দিলে তেজপুৰৰ এগৰাকী সক্ৰিয় বিজেপি নেত্ৰী স্বপ্না বনিয়াক ৷ কিন্তু ৰহস্য হৈ থাকিল আংগুৰলতাৰ আকস্মিক ৰাজনৈতিক নিস্ক্ৰিয়তা ।

লগতে পঢ়ক:বিজেপিৰ বাবে টেঙা হ’ল নেকি আঙুৰ ?

Last Updated : Dec 13, 2023, 6:41 PM IST

ABOUT THE AUTHOR

...view details