গুৱাহাটী , 8 নৱেম্বৰঃ মুক্তি পালে অংগৰাগ পাপন মহন্তৰ বহু প্ৰতীক্ষিত"বৰগীত ঘোষা" এলবাম ৷ মুক্তিৰ পূৰ্বেই ৰাইজৰ সমাদৰ লাভ কৰা সমাদৰ লাভ কৰা এলবামটি বৃহস্পতিবাৰে শুভমুক্তি দিয়া হয় মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ অনুষ্ঠানটোত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা,নৃত্যাচাৰ্য যতীন গোস্বামীৰ লগতে বহু বিশিষ্ট ব্যক্তি ৷ শিল্পীজনে বিশেষ এলবামটিৰ নিৰ্মাণৰ আশা বহু দিনৰে পৰা পুহি ৰাখিছিল বুলি মন্তব্য কৰে অনুষ্ঠানটোত ৷ মুক্তিৰ পূৰ্বেও শিল্পীজনে এই এলবামটো তেওঁৰ সপোনৰ এলবাম বুলি মন্তব্য কৰিছিল ৷ উল্লেখযোগ্য যে,সৰুৰে পৰা বৰগীতৰ চৰ্চা কৰি আহিছে শিল্পী অংগৰাগ মহন্তই ৷ এলবামটিৰ জৰিয়তে বৰগীতৰ ওপৰত কাম কৰাৰ আশা পূৰণ হ'ল শিল্পী গৰাকীৰ ৷ খোল তালৰ সমাহাৰেৰে সত্ৰীয়া নিয়ম-নীতিৰে মুকলি কৰা হয় বৰগীতৰ এলবামটি ৷
মুক্তি পালে অংগৰাগৰ নতুন এলবাম "বৰগীত ঘোষা" - বৰগীত ঘোষা
পৃথিৱী ঘূৰি ফুৰিও বৰগীতৰ আৰু খোলৰ সুৰ-লয়ৰ সমাহাৰ বিচাৰি নাপালে পাপনে ৷ সৰুৰে পৰা বৰগীত চৰ্চা কৰা অংগৰাগে এলবামটোৰ জৰিয়তে পূৰণ কৰিলে বৰগীতৰ ওপৰত কাম কৰাৰ সপোন ৷
মুক্তি পালে অংগৰাগ পাপন মহন্তৰ বহু প্ৰতীক্ষিত "বৰগীত ঘোষা" এলবাম