গুৱাহাটী,18 জানুৱাৰী :গুৱাহাটী মহানগৰীৰ বৃন্দাবন গাৰ্ডেনত বিজেপি হতাও অভিযান ৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত একেখন মঞ্চত একত্ৰিত হ’ল কংগ্ৰেছ, চি পি আই আৰু ৰাইজৰ দল ৷ সোমবাৰে মহানগৰীৰ নিউ বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত অঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তনৰ আনুষ্ঠানকভাৱে মুকলি কৰে বুদ্ধিজীৱী হীৰেন গোঁহাইয়ে ৷ "এই ৰাজনৈতিক অভিৱৰ্তনৰ পৰাই বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ সকলো আঞ্চলিক দল একত্ৰিত হ’ব লাগিব বুলি মন্তব্য অঞ্চলিক গণ মৰ্চাৰ নেতা মনজিৎ মহন্তৰ ৷ ৰাইজৰ সকলো আঞ্চলিক দল একত্ৰিত হ’লেহে বিজেপিক প্ৰতিহত কৰিব পৰা যাব বুলি কয় মনজিৎ মহন্তই ৷
অসম গণ পৰিষদ বিজেপিৰ নেগুৰত পৰিণত হৈছে : মনজিৎ মহন্ত
সোমবাৰে গুৱাহাটীৰ নিউ বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত অঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন আনুষ্ঠান ৷ এই অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁইয়ে ৷
আনহাতে ৰইজৰ দলৰ নেতা কমল মেধিয়ে কয়, যদি কোনো আঞ্চলিক ৰাজনৈতিক দলে সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰাখে তেন্তে সেই আঞ্চলিক দলৰ সৈতে ৰাইজৰ দল একত্ৰিত হোৱা সম্ভাৱনা নাই ৷ তেখেতে আৰু কয়, বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটা দলেই সাম্প্ৰদায়িক ৷ দুয়োটা দলৰে উদ্দেশ্য কেৱল ধৰ্মৰ ভিত্তিত বিভাজনৰ ৰাজনীতি কৰা ৷ সেয়ে তেনে কোনো সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক ৰখা দলৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা বা একত্ৰিত হোৱা প্ৰসংগই উত্থাপন নহয় ৷ সোমবাৰৰ এই অভিৱৰ্তন অনুস্থানত উপস্তিত থাকে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, হেমেন দাসৰ উপৰিও ৰাইজৰ দলৰ নেতা কলম মেধি প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি ৷
লগতে পঢ়ক-অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপিক : পীযুষ হাজৰিকা