গুৱাহাটী, ২৮ এপ্ৰিল: বুধবাৰে পুৱা অহা তীব্ৰ প্ৰাৱল্যৰ ভূমিকম্পই স্বাভাৱিকতে শংকিত কৰি তুলিছে অসমবাসীক । বিশেষকৈ সুউচ্চ অট্টালিকাৰ আৱাসীসকল আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে । আজিৰ ভূমিকম্পৰ ফলত অসমৰ ভিন্ন প্ৰান্তত কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন হৈছে ।
ভূমিকম্প আৰু গুৱাহাটীৰ সুউচ্চ অট্টালিকা: কি ক'লে মনোজ জালানে ? - exclusive interview
বুধবাৰে পুৱা অহা তীব্ৰ প্ৰাৱল্যৰ ভূমিকম্পই স্বাভাৱিকতে শংকিত কৰি তুলিছে অসমবাসীক । বিশেষকৈ সুউচ্চ অট্টালিকাৰ আৱাসীসকল আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে । আজিৰ ভূমিকম্পৰ ফলত অসমৰ ভিন্ন প্ৰান্তত কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন হৈছে ।
এনে সময়ত স্বাভাৱিকতে প্ৰশ্ন উঠিছে, অসম যিহেতু ভূমিকম্প প্ৰৱন অঞ্চল, গতিকে অসমৰ উচ্চ অট্টালিকা বা ফ্লেটসমূহে কিমান পৰিমাণলৈকে ভূমিকম্পৰ জোকাৰণি সহ্য কৰিব পাৰিব ? ফ্লেট নিৰ্মাণকাৰী প্ৰতিষ্ঠান সমূহে কিমান দূৰলৈ মানি চলিছে নিৰ্মাণৰ বিধি তথা নীতি নিয়ম ? ৰাজ্যৰ আগশাৰীৰ অভিজাত নিৰ্মাণ প্ৰতিষ্ঠান প্ৰ'টেক গ্ৰুপৰ পৰিচালন সঞ্চালক মনোজ জালানৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত সঞ্চালক গৰাকীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন