গুৱাহাটী, 25 জুনঃ COVID মহামাৰীকেন্দ্ৰিক আতংকই কিছু অনিশ্চয়তা আনিলেও বহু প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে ঘোষিত হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা অনুষ্ঠিত 2020 বৰ্ষৰ, উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ এই ফলাফলত লক্ষণীয়ভাৱে স্থান প্ৰাপ্তি আৰু সামগ্ৰিক উত্তীৰ্ণৰ হাৰৰ দিশৰ পৰা ছাত্ৰী সকলে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে । আনহাতে, যোৱা তিনিটা বছৰৰ ফলাফল অনুসৰি এইবাৰৰ ফলাফলত তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ প্ৰায় এক শতাংশকৈ বৃদ্ধি পাইছে । উল্লেখযোগ্য যে, এইবাৰৰ পৰীক্ষাত কলা শাখাত 168367 গৰাকী পৰীক্ষাৰ্থীৰ 131794 গৰাকী, বাণিজ্য শাখাৰ 17718 গৰাকী পৰীক্ষাৰ্থীৰ 15619 গৰাকী আৰু বিজ্ঞান শাখাৰ মুঠ 39574 গৰাকী পৰীক্ষাৰ্থীৰ 34847 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল : ছাত্ৰক চেৰ পেলাই ছাত্ৰীৰ জয়যাত্ৰা
বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ছাত্ৰীৰ আধিপত্যৰ লগতে, গ্ৰামাঞ্চল আৰু মফচলীয় চহৰৰ শিক্ষাৰ্থীৰ সফলতা পৰিলক্ষিত হৈছে ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ বিশ্লেষণ সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...
দেখা গৈছে যে এই শিক্ষাবৰ্ষটোত তিনিওটা শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 225654 গৰাকী আৰু তাৰে 182260 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। তথ্য অনুসৰি এইবাৰৰ পৰীক্ষাত কলা,বাণিজ্য আৰু বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ক্ৰমে- 78.28 %, 88.18 % আৰু 88.06 % । জিলা পৰ্যায়ৰ ফলাফল লৈ চালে দেখা যায় যে এইবাৰ কলা শাখাত যোৰহাট (87.39 %) মৰিগাঁও (86.51 %) আৰু নগাঁও (85.93 %) উত্তীৰ্ণ হাৰেৰে শীৰ্ষ স্থানত আছে। বাণিজ্যত চিৰাং, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ উত্তীৰ্ণৰ হাৰ 100 শতাংশ । অৱশ্যে এই তিনিখন জিলাত বাণিজ্য শাখাত পৰীক্ষাত অৱতীৰ্ণৰ সংখ্যাও লক্ষণীয়ভাবে অতি তাকৰ। উদাহৰণ স্বৰূপে পশ্চিম কাৰ্বি আংলঙত মাত্ৰ 6 গৰাকী পৰীক্ষাৰ্থীয়েহে বাণিজ্য শাখাত পৰীক্ষা দিছিল। আনহাতে বিজ্ঞান শাখাত তুলনামূলকভাৱে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ক্ৰমে শিৱসাগৰ (95.97 %) বাক্সা (95.44%) আৰু নলবাৰী ( 93.78 %)য়ে ।
ফলাফলৰ তথ্যত গৈছে যে উল্লিখিত তিনিওটা শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ মাজৰ পৰা ছাত্ৰী সকলে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে । কলা আৰু বাণিজ্য শাখাৰ প্ৰথম স্থানত জিলিকিছে ক্ৰমে নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ শ্ৰদ্ধা বুঢ়া গোঁহাঞি, দৰং জিলাৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পূবালী ডেকা, আৰু ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ছাত্ৰী কৃষ্ণা মহেশ্বৰী । বিজ্ঞানত প্ৰথম স্থানত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ অবিনাশ কলিতাই প্ৰথম স্থান অধিকাৰ কৰিছে যদিও দ্বিতীয় স্থানত আছে নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰী নায়েমা ফিৰছদি বৰভূঞাই। একেদৰে সামগ্ৰিক ফলাফলৰ দৃষ্টিকোণৰ পৰাও তিনিওতা শাখাত উত্তীৰ্ণৰ হাৰ ছাত্ৰীৰেই বেছি । তথ্য অনুসৰি কলাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ নিয়মীয়া 85.02 % আৰু ইনস্টিটিউচনেল প্ৰাইভেট 86.48 %হোৱাৰ বিপৰীতে বাণিজ্যত দুয়ো ক্ষেত্ৰত ক্ৰমে 93.85 % আৰু 95.14 % আৰু বিজ্ঞানত 94.33 % আৰু 97.30 % । এই আটাইখিনি উত্তীৰ্ণৰ হাৰ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰতে বেছি। আনহাতে, আজি ঘোষিত ফলাফলত গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানত পৰা তিনিওটা শাখাত মাত্ৰ চাৰিগৰাকী পৰীক্ষাৰ্থীয়েহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । তাৰ বিপৰীতে জিলিকি উঠিছে ডিব্ৰুগড়, নগাঁও, বৰপেটা, নলবাৰী, কাছাৰ দৰে জিলাৰ শিক্ষাৰ্থী সকলহে।
লগতে পঢ়কঃতিনি বজাৰ শীৰ্ষ দহটা বাতৰি...