গুৱাহাটী, 14 অক্টোবৰ :ভৱিষ্যতলৈ মানৱ জাতিয়ে খোৱাপানীৰ সমস্যাত ভুগিব বুলি যি সময়ত বিজ্ঞানীয়ে আগজাননী দিছে তেনে সময়তে আই আই টি গুৱাহাটীৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে বিশেষ প্ৰযুক্তি । যাৰ সহায়ত মানৱ জাতিয়ে ব্যৱহাৰ কৰিব পৰা পানীৰ অভাৱ দূৰ কৰিব পাৰিব ৷ আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক তামাল বেনাৰ্জীৰ নেতৃত্বত আই আই টিৰ এটা গৱেষকৰ দলে নেনো প্ৰযুক্তি ব্যৱহাৰ কৰি এক নতুন তাপ স্থানান্তৰ কৰিব পৰা তৰল পদাৰ্থৰ সৃষ্টি কৰিছে । এই তৰল পদাৰ্থটোৱে বিশেষভাৱে সৌৰ শক্তিক প্ৰৱাহিত কৰি সাগৰৰ পানীক নিৰ্মল কৰি খোৱা পানীলৈ ৰূপান্তৰিত কৰিব পাৰিব বুলি জানিবলৈ দিছে ।
এই সন্দৰ্ভত অধ্যাপক বেনাৰ্জীয়ে কয় যে, বিশ্বই সম্প্ৰতি খোৱাপানীৰ সংকটৰ সৈতে যুঁজি আছে । খোৱাপানীক নিৰ্মল কৰা পদ্ধতিৰ চাহিদা ব্যয়বহুল হৈ পৰিছে । পৰম্পৰাগত নিৰ্মলীকৰণ পদ্ধতিতো জীৱাশ্ম ইন্ধন-উৎপাদিত তাপৰ ওপৰত নিৰ্ভৰ কৰে । যাৰ ফলত অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি হয় । সৌৰ শক্তিয়ে এক আশাব্যঞ্জক বিকল্পৰ পথ দেখুৱাইছে । কিন্তু এই তাপ কাৰ্যকৰীভাৱে স্থানান্তৰ কৰাটো এক প্ৰত্যাহ্বান হৈ আহিছে ।