গুৱাহাটী,23 জানুৱাৰীঃগণতন্ত্ৰ দিৱসলৈ মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত গুৱাহাটীত উদ্ধাৰ 320 জাঁই সজীৱ গুলী ৷ গুৱাহাটী ৰে'ল আৰক্ষীয়ে কামৰূপ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ সজীৱ গুলীখিনি ৷ বৃহস্পতিবাৰে গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে গুৱাহাটী ৰে'ল ষ্টেচনত চলোৱা নিয়মীয়া তালাচী অভিযানত গণতন্ত্ৰ দিৱসৰ পূৰ্বে নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে'ল গাড়ীৰ পৰা .32 ব'ৰ পিষ্টলৰ 320 জাঁই সজীৱ গুলী উদ্ধাৰ কৰে।
গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত গুৱাহাটী ৰে'লৱে ষ্টেচনত উদ্ধাৰ 320 জাঁই সজীৱ গুলী - সজীৱ গুলী উদ্ধাৰ গুৱাহাটী ৰে'লৱে ষ্টেচনত
গুৱাহাটী ৰে'ল আৰক্ষীয়ে কামৰূপ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰে এই 320 জাঁই সজীৱ গুলী ৷
![গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত গুৱাহাটী ৰে'লৱে ষ্টেচনত উদ্ধাৰ 320 জাঁই সজীৱ গুলী ammunition recoverd at guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5814017-thumbnail-3x2-a.jpg)
এই অভিযানত কামৰূপ এক্সপ্ৰেছ ৰে'ল গাড়ীৰ দবা নং S 1ৰ চিট নং 9 পৰা অভিনন্দ কুমাৰক (43 আৰবল বিহাৰ) .32 ব'ৰ পিষ্টলৰ 320 জাঁই সজীৱ গুলীসহ আটক কৰে আৰক্ষীয়ে। ডিমাপুৰত ৰাম নিৱেশ শৰ্মাৰ নামৰ এজন লোকে গুলীখিনি অভিনন্দ কুমাৰক যোগান ধৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে অভিনন্দনে। ইতিমধ্যে অভিনন্দ কুমাৰ ঝাৰখণ্ডত থকা ৰাম নিৱেশ শৰ্মাৰ চিকিউৰিটি এজেন্সিত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত বুলি প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে। সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।
লগতে পঢ়কঃকাৰ ওপৰত ক্ষোভিত হৈছে কংগনা ৰাণাৱত ?