অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ - হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ

দেশৰ অন্যতম সৰ্ববৃহৎ দুগ্ধজাত কোম্পানী আমুলৰ প’ষ্টাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি সৃদৃশ কাৰ্টুন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ টুইটযোগে কাৰ্টুন প’ষ্টাৰ শ্বেয়াৰ কৰি তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ আহ্বান জনায় আমুল কোম্পানীয়ে ৷

amul-company-congratulate-to-cm-himanta-biswa-sarma
হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ

By

Published : May 11, 2021, 12:07 PM IST

নিউজ ডেস্ক,11 মে’ : ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাচতে সামাজিক মাধ্যমত অসংখ্য লোকে অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাক ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি আন আন ৰাজনৈতিক নেতা আৰু সাধাৰণ লোকেও অভিনন্দন জনাইছে ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ ইয়াৰ মাজতে দেশৰ অন্যতম সৰ্ববৃহৎ দুগ্ধজাত কোম্পানী আমুলৰ প’ষ্টাৰত স্থান পাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি সদৃশ কাৰ্টুন ৷

সাধাৰণতে আমুলে বিশেষ ব্যক্তি অথবা ঘটনাক লৈহে কাৰ্টুন আঁকি এক উৎকৃষ্টমানৰ শিৰোনামৰ জৰিয়তে প’ষ্টাৰ শ্বেয়াৰ কৰে ৷ টুইটযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্টুন প’ষ্টাৰ শ্বেয়াৰ কৰি আমুল কোম্পানীয়ে তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :কৰ'ণাত আক্রান্ত হৈ বৰপেটাৰ মুখ্য চিকিৎসা বিষয়াৰ মৃত্যু

ABOUT THE AUTHOR

...view details