ৰৌতা, 1 আগষ্ট : অসম তথা বিটিচিৰ সংখ্যালঘু সম্প্ৰদায়ৰ এক বলিষ্ঠ কণ্ঠ প্ৰয়াত ছাত্ৰ নেতা শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই আজি চাৰিটা বছৰ অতিক্ৰম কৰিলে । ২০১৭ চনৰ আজিৰ দিনটোতে অৰ্থাৎ 1 আগষ্টত কোকৰাঝাৰ চহৰৰ তিতাগুড়ীত এবিএমছুৰ প্ৰয়াত সভাপতি গৰাকীক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । কিন্তু বিগত চাৰি বছৰে ন্যায়ৰ আশাত ৰৈ থাকি আজি পৰ্যন্ত ন্যায় নাপালে লাফিকুলৰ পৰিয়ালৰ লোকে । সুদীৰ্ঘ সময়ছোৱাত হত্যাকাৰীক কৰায়ত্ত কৰা দূৰৈৰে কথা আজিকোপতি চিনাক্ত কৰিব নোৱাৰা কাৰ্যত জাঙুৰ খাই উঠিছে আমছু আৰু এবিএমছু ।
এই সন্দৰ্ভত আজি সংগঠন দুটাই ওদালগুৰি জিলা সমিতিৰ যৌথ উদ্যোগত ৰৌতাৰ আমিনপাৰা জামিয়া আৰবীয়া ইছলামিয়া মাদ্ৰাছাত ক’ভিড প্ৰট‘কল মানি এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ছাত্ৰ নেতা গৰাকীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমছু আৰু এবিএমছুৰ কৰ্মীসকলে হাতে-হাতে বিভিন্ন শ্ল'গানৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।