অসম

assam

ETV Bharat / state

Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল - অসম চৰকাৰৰ মোৰ মাটি মোৰ দেশ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা ‌হয় অসম চৰকাৰৰ মোৰ মাটি মোৰ দেশ শীৰ্ষক অমৃত কলহ যাত্ৰাৰ ৰাজ্যিক আনুষ্ঠানিক সভা ৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।‌

Amrit Kalash Yatra
অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভা

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 2:30 PM IST

অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভা

গুৱাহাটী, ২৬ অক্টোবৰ :অসম চৰকাৰৰ মোৰ মাটি মোৰ দেশ শীৰ্ষক অমৃত কলহ যাত্ৰাৰ ৰাজ্যিক আনুষ্ঠানিক সভা বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‌হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।‌ অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয়, ‘‘আজিৰ দিনটো গৌৰৱৰ দিন । এয়া দেশৰ প্ৰধানমন্ত্ৰীৰ চিন্তা আছিল । অসমৰ ১৮ লাখ ৮০ হাজাৰ‌ মানুহে এই যাত্ৰাত অংশগ্ৰহ কৰিছে’’ ।

তেওঁ কয় যে দেশৰ বিভিন্ন ঠাইৰ পৰা ৭ হাজাৰ ৫০০ কলহ দিল্লীত যাব । তেওঁ কয়, ‘‘আমাৰ মনত এতিয়াও গুলামীৰ মানসিকতা আছে । এই মানসিকতা ত্যাগ কৰিব লাগিব ।‌ এখন‌ স্বাভিমানী দেশ গঢ়ি তুলিব । ভাৰত ঐক্য আছিল‌ আৰু ভাৰত ঐক্য হৈ থাকিব’’ ৷

উল্লেখ্য যে, উক্ত অনুষ্ঠানত সমগ্ৰ অসমৰ ২৭০ টা উন্নয়ন খণ্ড, পৌৰ নিকায়ৰ পৰা মৰ্যাদা সহকাৰে প্ৰেৰিত ২ টাকৈ অমৃত কলহ সংগ্ৰহ কৰা হয় । সংগৃহীত হয় মুঠ অমৃত কলহ ৫৪০ টা । ৰাজ্যিক অনুষ্ঠানত উন্নয়ন খণ্ড, পৌৰ নিকায়ৰ পৰা সংগৃহীত দুটি কলহৰ প্ৰথমটি কলহ ২৭ অক্টোবৰত ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে নতুন দিল্লীৰ মূল অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব । ২৮ অক্টোবৰত অসমৰ প্ৰতিনিধি দলৰ দ্বাৰা নতুন দিল্লীত অমৃত কলহ যাত্ৰা সম্পন্ন কৰিব ।

আনহাতে, দ্বিতীয়টি কলহ শ্বহীদ কনকলতা বৰুৱা জয়ন্তীত গহপুৰলৈ প্ৰেৰণ কৰা‌ হয় । মহান শ্বহীদগৰাকীৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া বিশ্ববিদ্যালয়ৰ কামত এই মাটি ব্যৱহাৰ হ'ব । অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ।

মন্ত্ৰী বিমল‌ বড়াই কয়, ‘‘এই মাটি ২৬ হাজাৰ ৯৮ খন গাঁৱৰ পৰা সংগ্ৰহ কৰা হৈছে ।‌ ১৯ ছেপ্টেম্বৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হৈছে । ২৭০ জন যুৱক-যুৱতীয়ে নতুন দিল্লীত প্ৰতিনিধিত্ব কৰিব । অসমৰ জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব’’ । এই অনুষ্ঠানতে ৰাজ্যপালগৰাকীয়ে নতুন দিল্লীলৈ যাবলগীয়া কলহো প্ৰদান কৰে ।

এই অনুষ্ঠানত মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী বিমল বড়া, মন্ত্ৰী অতুল বৰা আৰু অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ আদি উপস্থিত আছিল ।

লগতে পঢ়ক :Opposition Unity Meeting : আসন ভাগ-বাটোৱাৰাক লৈ আজি বিয়লি বিৰোধী ঐক্য মঞ্চৰ বৈঠক

ABOUT THE AUTHOR

...view details