নিউজ ডেস্ক, ২৫ জুলাই :দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণসূচীৰে শনিবাৰে মেঘালয়ৰ শ্বিলঙত উপস্থিত হয় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) । শনিবাৰে মেঘালয়ৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছতে বায়ু সেনাৰ বিশেষ হেলিকপ্তাৰযোগে দেওবাৰে বিয়লি অসমত উপস্থিত হয় গৃহমন্ত্ৰী শ্বাহ ৷
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), নৱ নিৰ্বাচিত ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায় । বিমানবন্দৰৰ পৰা পোনে পোনে গৃহমন্ত্ৰীগৰাকীয়ে কামাখ্যা মন্দিৰ (Kamakhya Temple) দৰ্শন কৰে । গৃহমন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷