গুৱাহাটী, 25 মে’ :বৃহস্পতিবাৰে খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বষপূৰ্তি উপলক্ষে ব্যাপকভাৱে আয়োজন কৰা নিযুক্তি-পত্ৰ বিতৰণ সমাৰোহ (Assam govt mega recruitment ceremony) ৷ এই সমাৰোহতে বিজেপিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজোৱা দেখা গ’ল । লক্ষাধিক লোক সমাগম হোৱা নিযুক্তি-পত্ৰ বিতৰণ সমাৰোহত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে 2024 চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গ’ল ।
ভাষণ প্ৰসংগত অমিত শ্বাহে কংগ্ৰেছ দলক কটু সমালোচনা কৰি বিজেপি চৰকাৰৰ সুশাসনৰ গুণানুকীৰ্তন কৰে (Amit Shah criticized congress in Assam) । শ্বাহে কয়, ‘‘এইবাৰ 300 খনতকৈ বেছি আসন লাভ কৰি মোডী চৰকাৰ পুনৰ দেশৰ শাসন তৃতীযয়বাৰৰ বাবে দখল কৰিব । তাৰ বিপৰীতে কংগ্ৰেছ দলে আগতকৈ কম আসন পাব’’ । অমিত শ্বাহে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, কংগ্ৰেছ শাসনত থাকোতে দেশ তথা অসমত একোৱে উন্নয়ন হোৱা নাছিল । কাৰণ কংগ্ৰেছ দলে সদায় নেতিবাচক চিন্তা কৰে ।
তেওঁ আৰু কয়, ‘‘দেশৰ নৱ নিৰ্মিত সাংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব বিচৰা সিদ্ধান্তক কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী দলবোৰে মানি লোৱা নাই । তেওঁলোকে দেশৰ নৱ নিৰ্মিত সাংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিবলীয়া অনুষ্ঠানক বহিস্কাৰ কৰিছে । তেওঁলোকৰ যুক্তি নৱ নিৰ্মিত সাংসদ ভৱন ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব লাগে । কিন্তু কংগ্ৰেছৰ চৰকাৰ থাকোতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে অসমত ঝাৰখণ্ড, অসম, চত্তিশগড় আদি ৰাজ্যত বিধানসভাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰাৰ উদাহৰণ আছে’’ ।