অসম

assam

ETV Bharat / state

বিটিচিৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক শুভেচ্ছা অমিত শ্বাহৰ

বিটিচিৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক শুভেচ্ছা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৷ বিটিচি প্ৰধান হিচাপে প্ৰমোদ বড়োৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

By

Published : Dec 13, 2020, 2:01 PM IST

Amit Shah congratulates Pramod Bodo for being the next BTC chief
বিটিচিৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক শুভেচ্ছা অমিত শ্বাহৰ

নিউজ ডেস্ক,13 ডিচেম্বৰ: বিটিচিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য হিচাপে নাম ঘোষণা প্ৰমোদ বড়োৰ ৷ দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে এই কথা ৷ দেওবাৰৰ পুৱাৰ ভাগতে গুৱাহাটীৰ হোটেল লিলিত বিজেপি, ইউ পি পি এল, জি এছ পিয়ে মিলিত হৈছিল এক ৰুদ্ধদ্বাৰ বৈঠকত ৷ এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাতৰ বাবে মুখ্যমন্ত্ৰী আবাসলৈ ৰাওনা হৈছিল দলটো ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ এই ঘোষণাৰ পিছতে প্ৰমোদ বড়োক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৷ তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱৰ্তনৰ ধাৰণাৰ প্ৰতি সমৰ্থন জনোৱা বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক-বিটিআৰত UPPLৰ চৰকাৰঃহোটেল লিলিত ৰুদ্ধদ্বাৰ বৈঠক

ABOUT THE AUTHOR

...view details