গুৱাহাটী, ১৮ জুলাই : ২৫ জুলাইত আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) । সেইদিনা পুৱা তেওঁ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰি তাৰ পৰা পোনে পোনে ৰাওনা হ'ব শ্বিলঙলৈ । বিশেষকৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত লাহে লাহে জটিল হ'বলৈ ধৰা সীমা সমস্যাৰ (Border Conflict) এক সৰ্বগ্ৰহণযোগ্য সমাধান সূত্ৰ নিৰ্ণয়ৰ অৰ্থেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ । ২৫ জুলাইত শ্বিলঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এই স্পৰ্শকাতৰ আৰু জটিল বিষয়টোৰ ওপৰত আলোচনাত মিলিত হ'ব ।
প্ৰাপ্ত তথ্য মতে, ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা উত্তৰ-পূৱৰ সকলো ৰাজ্যলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে । সেইমৰ্মে সকলো ৰাজ্যকে তেওঁলোকৰ কিমান পৰিমাণৰ মাটি চুবুৰীয়া কোন ৰাজ্যই দখল কৰি আছে, সেই বিষয়ে সবিশেষ তথ্য সম্বলিত প্ৰতিবেদন সাজু কৰিবলৈ কোৱা হৈছে । সেই প্ৰতিবেদন উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ২৫ জুলাইৰ বৈঠকত অমিত শ্বাহক দাখিল কৰিব লাগিব ।