গুৱাহাটী,২ এপ্ৰিলঃঅসমত পুনৰ বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে উঠিপৰি লাগিছে বিজেপিৰ প্ৰায় সকলো হাইপ্ৰফাইল নেতা। অসমলৈ এতিয়া কেন্দ্ৰীয় মন্ত্রীৰ লানি নিচিগা সোঁত বৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে দেওবাৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ। সেইদিনা তেঁও তিনিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব। দিনৰ ১১.২০ বজাত তেঁও দিল্লীৰ পৰা বিশেষ বিমান যোগে আহি গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হ'ব। গুৱাহাটীৰ পৰা হেলিকপ্তাৰ যোগে তেঁও বৰপেটা ৰোডলৈ যাব আৰু দুপৰীয়া ১২ বজাত বৰপেটা ৰোড মিনি ষ্টেডিয়ামত আয়োজন কৰা ৰাজহুৱা সভাত ভাগ লৈ প্ৰাৰ্থী শংকৰ দাসৰ হৈ প্ৰচাৰ চলাব।
দেওবাৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ - বৰপেটা ৰোড
নিৰ্বাচনী প্ৰচাৰৰ বাবে দেওবাৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ। সেইদিনা তেওঁ তিনিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব।
ইয়াৰ পিছত তেওঁ ভৱানীপুৰ অভিমুখে ৰাওবা হ'ব। ভৱানীপুৰত দিনৰ ১.৩০ বজাত এখন নিৰ্বাচনী সভাত ভাগ লৈ প্ৰাৰ্থী ৰণজিৎ দাসৰ হৈ প্ৰচাৰ চলাব। তাৰ পিছত বিয়লি ৩.০৫ বজাত তেওঁ শুৱালকুছি লৈ যাব আৰু শুৱালকুছিৰ মাধৱক্ষেত্রত আয়োজন কৰা এখন ৰাজহুৱা সভাত অংশ লৈ মন্ত্রী তথা জালুকবাৰী সমষ্টিৰ দলীয় প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰচাৰ চলাব। সন্ধিয়া পাঁচ বজাত তেওঁ গুৱাহাটী বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব। উল্লেখ যে, নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বৰে পৰাই কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ অসমলৈ বহুবাৰ আহিছে আৰু প্ৰচাৰ অভিযানত ব্ৰতী হৈ আছে।
লগতে পঢ়কঃদায়িত্বশীল মন্ত্রীৰ দায়িত্বজ্ঞানহীন আচৰণ