গুৱাহাটী, 26 ডিচেম্বৰ:শনিবাৰে আমিনগাঁৱত অনুষ্ঠিত বিজেপিৰ সভাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এই সভাতেই ৰাজ্যৰ 8 হাজাৰ নামঘৰক আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে 9 খনকৈ আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ সভাত ভাষণ আগবঢ়াই শ্বাহে কয়, অসমত শংকৰদেৱে প্ৰতিষ্ঠা কৰা কৃষ্টি-সংস্কৃতি সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ ৷ শংকৰদেৱে অসমৰ সাহিত্যক ভাৰতবাসীৰ আগত পৰিচিত কৰিছে ৷ অসমৰ সাহিত্য অবিহনে ভাৰতৰ সাহিত্য আধৰুৱা ৷
অসমৰ মঠ-মন্দিৰ, থান মেৰামতিৰ বাবে অসম চৰকাৰে হাতত লোৱা 155 কোটি টকাৰ আঁচনিৰ বিষয়ে উল্লেখ কৰি আজিৰ সভাতেই ৰাজ্যৰ 8 হাজাৰ নামঘৰক 2.50 লাখকৈ অনুদান আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ সমান্তৰালকৈ বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধনৰ আৰু আধুনিকীকৰণ বাবে 180 কোটিৰ এক অভিলাসী আঁচনিৰো শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, এই সন্দৰ্ভত কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কংগ্ৰেছ নিজৰ শাসনকালত মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ উপৰিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰখন অসমত গড় হত্যাৰ সৈতে জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে এই গড়হত্যা ৰোধৰ বাবে বৰ্তমানৰ শাসকীয় চৰকাৰখনে প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে ৷
ইয়াৰ উপৰিও স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ ভাষণৰ প্ৰসংগত কয়, এই ধৰণৰ সভা আমাৰ জাতিটোৱে দেখা নাছিল য'ত আমাৰ ধৰ্ম সংস্কৃতিক এনেদৰে সন্মান দিয়া হয় । ইয়াৰ উপৰিও বটদ্ৰৱাৰ পৰা সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰা বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম দৰ্পন আঁচনিৰ জৰিয়তে ৰাজ্যৰ নামঘৰসমূহৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা বুলি মন্তব্য কৰে ৷