অসম

assam

ETV Bharat / state

গৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ - সামাজিক মাধ্যমযোগে

শনিবাৰে সন্ধিয়াৰ ভাগত আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত কেইবা ঘন্টা ধৰি বৈঠকত মিলিত হয় প্ৰাক্তন বিধায়িকা গৰাকী । লগতে বিধায়ক ৰাজদ্বীপ গোৱালায়ো গৃহমন্ত্ৰী গৰাকীৰে বৈঠকত বহে। সেই সময়চোৱাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়া, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

গৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ
গৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ

By

Published : Dec 26, 2020, 10:53 PM IST

গুৱাহাটী,26 ডিচেম্বৰঃঅৱশেষত বিজেপিত যোগদানৰ সকলো জল্পনা কল্পনাৰ অৱসান ঘটালে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে । অচিৰেই গেৰুৱা বসন পিন্ধিব অজন্তা নেওগে। শনিবাৰে সন্ধিয়াৰ ভাগত আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত কেইবা ঘন্টা ধৰি বৈঠকত মিলিত হয় প্ৰাক্তন বিধায়িকা গৰাকী । লগতে বিধায়ক ৰাজদ্বীপ গোৱালায়ো গৃহমন্ত্ৰী গৰাকীৰে বৈঠকত বহে। সেই সময়চোৱাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়া, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

গৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ

ইফালে প্ৰাক্তন বিধায়িকা অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰা নাই যদিও যোগদানৰ শেষ মোহৰ মাৰিলে। ইতিমধ্যেই অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। অৱশ্যে দুয়োগৰাকী প্ৰাক্তন কংগ্ৰেছীৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ সৌজন্যমূলক আছিল বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

গৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ পিছতেই কংগ্ৰেছ নেত্ৰী অজন্তা নেওগ বিজেপিত যাব বুলি এক সৰৱ চৰ্চা চলিছিল । ইতিমধ্যেই দলৰ অনুশাসন ভংগৰ অপৰাধত কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰিছে অজন্তা নেওগক। একেদৰে ৰজলীনা তিৰ্কি, ৰাজদ্বীপ গোৱালা বিজেপি গমনৰ খবৰেও বিশেষ চৰ্চা লাভ কৰিছিল । ইমান দিনে ধুৱলি কুঁৱলি হৈ থকা ছবিখন যেন অজন্তা নেওগ, ৰাজদ্বীপ গোৱালাই স্পষ্ট কৰি দিলে।

লগতে পঢ়কঃ 2020 বৰ্ষত বহু অপৰাধ জনিত ঘটনাই জোঁকাৰি গৈছে ৰাজ্য

ABOUT THE AUTHOR

...view details