অসম

assam

ETV Bharat / state

মুকলি আকাশৰ তললৈ আহিল বিধায়ক আমিনুল ইছলাম

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত মুকলি হ'ল আমিনুল ইছলাম। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মঙলবাৰে সন্ধিয়া মুকলি হয় বিধায়কগৰাকী ।

By

Published : Jun 2, 2020, 10:30 PM IST

মুকলি আকাশৰ তললৈ আহিল বিধায়ক আমিনুল ইছলাম
মুকলি আকাশৰ তললৈ আহিল বিধায়ক আমিনুল ইছলাম

গুৱাহাটী, 2 জুনঃ কোৱাৰেইন্টাইন কেন্দ্ৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক মঙলবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত মুকলি কৰি দিয়া হয় বিধায়ক গৰাকীক ।

মুকলি আকাশৰ তললৈ আহিল বিধায়ক আমিনুল ইছলাম

কাৰাগাৰৰ পৰা মুকলি হৈ আহি ন্যায়ালয়ক প্ৰথমে ধন্যবাদ জনাই । তাৰ পাচত তেওঁ কৰ'ণাৰ সৈতে কৰা যুঁজত চৰকাৰে সমৰ্থন কৰাৰো আশ্বাস দিয়ে আৰু সহায়ৰ বাবে প্ৰস্তুত বুলি উল্লেখ কৰে ।

আনহাতে এটাৰ পাচত আনটো গোচৰ ৰুজু কৰি চৰকাৰে তেওঁক দীৰ্ঘদিন কাৰাগাৰত ৰখাৰ ষড়যন্ত্ৰ কৰিছিল বুলি প্ৰকাশ কৰে আমিনুল ইছলামে। কৰ'ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ অভিযান আৰম্ভ কৰিব বুলি কয় বিধায়ক গৰাকীয়ে ।

লগতে চাওকঃ লখিমপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তেজনা

ABOUT THE AUTHOR

...view details