গুৱাহাটী,১০ আগষ্ট :এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ এক বিস্ফোৰক অভিযোগে ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে । মঙলবাৰে অসম বিধানসভাৰ চৌহদত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, ‘‘দল গঠনৰ বাবে অখিল গগৈয়ে এ আই ইউ ডি এফৰ পৰা ১০ কোটি টকা বিচাৰিছিল ৷ টকা নোপোৱাৰ বাবেই মহাজোঁটৰ অংশীদ্বাৰ হোৱা নাছিল ৰাইজৰ দল’’ ৷
"অখিল গগৈৰ লগত আমাৰ দলৰ কেইবাবাৰো আলোচনা হৈছিল । সেই সময়ত মহাজোঁট গঠনৰ প্ৰক্ৰিয়া চলি আছিল । তেতিয়া অখিল গগৈয়ে কৈছিল যে দল গঠনৰ বাবে ১০ কোটি টকাৰ প্ৰয়োজন হৈছে । সংগঠনৰ আৰ্থিক অভাৱৰ কথা তেওঁ কৈছিল ।" এইদৰে কয় আমিনুল ইছলামে ৷
আমিনুল ইছলামে লগতে কয় যে, অখিল গগৈয়ে দুই ধৰণে মহাজোঁটক ক্ষতি কৰাৰ বিপৰীতে দুই ধৰণে বিজেপিক লাভান্বিত কৰিছিল । অখিল গগৈয়ে দল গঠনৰ নামত ১০ কোটি বিচাৰিছিল আৰু টকা নিদিয়াৰ বাবেই এ আই ইউ ডি এফক অখিল গগৈয়ে সাম্প্ৰদায়িক বুলি অভিহিত কৰিছিল ৷
লগতে পঢ়ক : বিভাগীয় অমনোযোগিতাৰ বাবে অপমৃত্যু এটা পশু চিকিৎসা কেন্দ্ৰৰ
মহাজোঁটত আউল নলগাবলৈ অখিল গগৈক অনুৰোধ জনাই আমিনুল ইছলামে কয়, ‘‘এ আই ইউ ডি এফক বাদ দি মহাজোঁটৰ সফলতা সম্ভৱ নহয় । টকা দাবী কৰা বুলি ক'লে ভুল বুজা যায় । আমাৰ সৈতে অখিল গগৈৰ গুড অন ফেইথ আলোচনাহে হৈছিল । সেই সময়ত অখিল গগৈয়ে নতুনকৈ দল খোলাৰ কথা চিন্তা কৰি আছিল । অখিল গগৈয়ে আমাৰ সৈতে হোৱা আলোচনাত কৈছিল যে দল খুলিবলৈ তেওঁলোকক ১০ কোটি মান টকাৰ প্ৰয়োজন হ'ব’’ ।
"কথাখিনি কোৱাৰ অৰ্থ এয়াই যে, তেতিয়া অখিল গগৈয়ে এ আই ইউ ডি এফক সাম্প্ৰদায়িক বুলি কোৱা নাছিল তথা এ আই ইউ ডি এফ থাকিলে মহাজোঁটত নাথাকো বুলিও কোৱা নাছিল । পৰৱৰ্তী সময়ত দলৰ কৰ্ণধাৰ সমিতিত এই কথাখিনি আলোচনা কৰা হৈছিল যদিও সেই সময়ত আমাৰ দল ইমান ধন দিব পৰা অৱস্থাত নাছিল । কিন্তু লক্ষণীয়ভাৱে বিজেপিৰ এজন সদস্যই অখিল গগৈক জি এম চি এইচৰ পেয়িং কেবিনত সাক্ষাৎ কৰাৰ পিছত তেওঁৰ সুৰ সলনি হৈছিল আৰু আমাক সাম্প্ৰদায়িক আখ্যা দিছিল ।" আমিনুল ইছলামৰ মন্তব্য ৷
লগতে পঢ়ক: 7 আগষ্টক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত