গুৱাহাটী,১৯ মে’ :মেট্ৰিক পৰীক্ষাত গ্ৰেচ মাৰ্ক পাই তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা সোণাই সমষ্টিৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বাকী সকলো ডিগ্ৰী ভুৱা ৷ এই অভিযোগ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ (Aminul Haque Laskar) ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰ AIUDFৰ সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ভুৱা ডিগ্ৰীকলৈ পুনৰ সৰৱ হৈ পৰে (Karim Uddin Barbhuiya degree controversy) ৷
উল্লেখ্য যে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত ভুল তথ্য নিৰ্বাচন আয়োগক দাখিল কৰাৰ অভিযোগ উত্থাপন কৰি আমিনুল হক লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত (Gauhati High Court) আবেদন দাখিল কৰিছিল ৷ বিধায়ক কৰিম উদ্দিন বৰভূঞাই শপতনামাত তেওঁ জি চি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বুলি উল্লেখ কৰিছিল ৷
কিন্তু পৰৱৰ্তী সময়ত আৰ টি আইৰ (RTI) তথ্যৰ ভিত্তিত বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ সকলো ডিগ্ৰী ভুৱা বুলি প্ৰমাণ হৈছিল ৷ যাৰ ভিত্তিত প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল (Karim Uddin Barbhuiya fake degree case) ৷