অসম

assam

ETV Bharat / state

ৰাজহুৱা সভাত উচুপি উঠিল পৰিবহন বিষয়া গৌতম দাস - বিৰিনা চক্ৰৱৰ্তীয়

পথ সম্পৰ্কীয় সজাগতা সভাত আৱেগিক হৈ পৰিল পৰিবহন বিষয়া গৌতম দাস

ৰাজহুৱা সভাত উচুপি উঠিল পৰিবহন বিষয়া গৌতম দাস

By

Published : Mar 19, 2019, 6:12 PM IST

গুৱাহাটী,19মাৰ্চ: মঙলবাৰে আমিনগাঁওত অনুষ্ঠিত এক সজাগতা সভাত উচুপি উঠিল পৰিবহন বিষয়া গৌতম দাস ৷ এক দুৰ্ঘটনাৰ বাখ্যা কৰিবলৈ গৈ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে আৱেগিক হৈ পৰে বিষয়াগৰাকী ৷ উল্লেখ্য যে এক গৱেষণাই বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বাধিক জনসাধৰণৰ পথ দুৰ্ঘটনাত মৃত্যু হয় বুলি প্ৰকাশ কৰাৰ পাছত অসম চৰকাৰৰ পৰিবহন বিভাগে আমিনগাঁওৰ শৰাইঘাট বিদ্যালয়ত আয়োজন কৰে পথ সুৰক্ষা সম্পৰ্কীয় এক সজাগতা সভাৰ ৷ এই সজাগতা সভাত পৰিবহন বিষয়া গৌতম দাসৰ সন্মুখতে এটি পথ দুৰ্ঘটনাত এগৰাকী মাতৃয়ে নিজ সন্তানক হেৰুৱাই দিক-বিদিক হেৰাই যোৱা ঘটনাৰ বিৱৰণি দি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আৱেগিক হৈ পৰে বিষয়াগৰাকী ৷

ৰাজহুৱা সভাত উচুপি উঠিল পৰিবহন বিষয়া গৌতম দাস

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে অডিঅ-ভিডিঅৰ জৰিয়তে এখন তথ্যচিত্ৰৰো প্ৰদৰ্শন কৰে পৰিবহন বিভাগে । ইয়াৰ উপৰিও উচ্চতম ন্যায়লয়ে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি কোনো ব্যাক্তিয়ে যাত্ৰা সমসত যদি হেলমেট ব্যৱহাৰ নকৰে তেন্তে 3মাহৰ বাবে অনুজ্ঞাপত্ৰ বন্ধ কৰি দিয়া হব আৰু তেনে ঘটনাৰ যদি পুনৰাবৃত্তি হয় তেতিয়া সেই অনুজ্ঞাপত্ৰ বাতিল কৰা হব বুলিও প্ৰকাশ কৰে বিষয়াগৰাকীয়ে । লগতে উদণ্ড বাইকাৰ্চৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হব বুলিও মন্তব্য কৰে গৌতম দাসে । এই সজাগতা সভাখনত বিশিষ্ট অভিনেত্ৰী বিৰিনা চক্ৰৱৰ্তীৰ লগতে বহু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । অভিনেত্ৰী বিৰিনা চক্ৰৱৰ্তীয়ে ছাত্ৰ-ছাত্ৰীসকলক দুৰ্ঘটনাৰ পৰা নিজক বচাবলৈ বহু উপদেশো বাখ্যা কৰে ।

ABOUT THE AUTHOR

...view details