অসম

assam

ETV Bharat / state

সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

ৰাজ্যৰ মুক্তি যুঁজাৰু সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী বাসগৃহত মুক্তি যোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ‌। এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

Amendment to be 'Assam Liberation Fighter Policy'
সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

By

Published : Feb 20, 2021, 3:05 PM IST

গুৱাহাটী, ২০ ফেব্ৰুৱাৰীঃপ্ৰাপ্য বিচাৰি আন্দোলনত নমা ৰাজ্যৰ মুক্তি যুঁজাৰু সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী বাসগৃহত মুক্তি যোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ‌। এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি "অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি" সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

একেদৰে এতিয়াৰে পৰা মুক্তি যুঁজাৰু সকলে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা । মুক্তি যুঁজাৰুৰ পেঞ্চন বৰ্তমানৰ ২১ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব বুলিও বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

আনহাতে ১৯ গৰাকী স্বাধীনতা যুঁজাৰু আত্মীয়লৈ চৰকাৰে আগবঢ়াব পাঁচ লাখ টকাকৈ এককালীন সাহাৰ্য । সমান্তৰালভাৱে এতিয়াৰে পৰা মুক্তি যুঁজাৰু সকলৰ ত্যাগৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ শেষকৃত্য মৰ্যাদা সহকাৰে কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

লগতে পঢ়ক: আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details