গুৱাহাটী, 22 জুন: আৰম্ভ হ’ল অম্বুবাচী মেলা ৷ নীলাচলৰ বুকুত অম্বুবাচী উপলক্ষে উদুলি-মুদুলি পৰিবেশ ৷ বৃহস্পতিবাৰে নিশাৰ পৰা অম্বুবাচী আৰম্ভ হ’ব সোমবাৰে অন্ত পৰিব ৷ কামাখ্যা মন্দিৰত বৃহস্পতিবাৰে ৰাতি ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হ’ব অম্বুবাচীৰ প্ৰবৃত্তি । ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনত ৰাতিপুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাচত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰা হ'ব ।
বৃহস্পতিবাৰে সন্ধিয়া কামাখ্যা ষ্টেচনৰ সমীপত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুভ উদ্বোধন কৰে এই অম্বুবাচী মেলাৰ । অনুষ্ঠানত ভাষণ দি জয়ন্ত মল্ল বৰুৱাই অম্বুবাচী মেলাৰ তাৎপৰ্য ব্যাখ্যা কৰে । তেওঁ কয় যে, 2016 চনৰ পৰা পৰা এই মেলাৰ বিষয়ে বহি ৰাজ্যত অসমৰ পৰ্যটন বিভাগে প্ৰচাৰ কৰিছিল । তেতিয়াৰ পৰা মেলাত ভক্তৰ সমাগম বৃদ্ধি হয় । তেওঁ আৰু কয় যে, কামাখ্যা মন্দিৰত ধৰ্মীয় পৰ্যটকৰ প্ৰচুৰ সম্ভৱনা আছে । অম্বুবাচী মেলা শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।
অনুষ্ঠানত আদৰণি ভাষণ দি অসম পৰ্যটন নিগমৰ সঞ্চালক ৰণোজ কুমাৰ বৰকাকতিয়ে কয় যে, মেলালৈ অহা 5 হাজাৰ লোক থকাৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে । কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মায়ো এই অনুষ্ঠানত অম্বুবাচীৰ তাৎপৰ্য ব্যাখ্যা কৰে ।
উল্লেখ্য যে, মেলাৰ কেইদিনত অতি জৰুৰী বাহনৰ বাহিৰে ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ প্ৰৱেশ নীলাচল পাহাৰত নিষিদ্ধ কৰা হৈছে । আইন শৃংখলা আৰু তীর্থ যাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০ জন স্থায়ী সুৰক্ষা কৰ্ম্মী, ৫০০ জন স্কাউট-গাইড, ৪০০ জন স্বেচ্ছাসেৱক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব । ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে ৪০০ চি.চি.টি.ভি. কেমেৰা স্থাপন কৰা হৈছে ।