অসম

assam

ETV Bharat / state

দুবছৰ পিছত পুনৰ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা

পুনৰ প্ৰাণ পাব নীলাচল পাহাৰে ৷ সুদীৰ্ঘ দুটা বছৰৰ পিছত ক'ভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষ সাজু হৈছে (Ambubashi mela after two years)।

By

Published : May 19, 2022, 9:11 PM IST

ambubashi-mela-after-two-years
দুবছৰ পিছত পুনৰ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা

গুৱাহাটী,১৯ মে': দুটা বছৰৰ পিছত পুনৰ অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ । ক'ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰ নীলাচল পাহাৰত অনুষ্ঠিত হোৱা নাছিল ইতিহাস প্ৰসিদ্ধ অম্বুবাচী মেলা (Ambubachi mela of Assam) ।

বিগত দুটা বছৰে অম্বুবাচীৰ সময়ত কোনো ধৰণৰ মেলা অনুষ্ঠিত নকৰি মাথো পৰম্পৰাগত নিয়ম ৰক্ষা কৰা হৈছিল । সুদীৰ্ঘ দুটা বছৰৰ পিছত ক'ভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষ সাজু হৈছে । লগতে সাজু হৈছে চৰকাৰ-প্ৰশাসন ।

দুবছৰ পিছত পুনৰ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা

ইতিমধ্যে অম্বুবাচী মেলা সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষৰে চৰকাৰী পক্ষৰ আলোচনা অনুষ্ঠিত হৈছে । মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে ক'ভিড পৰিস্থিতি উন্নত হ'লেও অম্বুবাচী মেলাৰ সময়ত কেতবোৰ নিৰ্দেশনা থাকিব । অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ।

এইক্ষেত্ৰত আলোচনা অব্যাহত আছে বুলি মন্দিৰ কৰ্তৃপক্ষৰ জানিবলৈ দিয়ে । উল্লেখ্য যে, ২২ জুনৰ বিয়লি মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব আৰু ২৬ জুনৰ পুৱা মন্দিৰৰ দুৱাৰ খোল খাব । দুবছৰৰ পিছত অম্বুবাচী মেলাত এইবাৰ পুনৰ প্ৰাণ পাব নীলাচল পাহাৰে ।

লগতে চাওক:ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য

ABOUT THE AUTHOR

...view details