গুৱাহাটী, 17 জুনঃ ২২ তাৰিখৰ পৰা মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । এই বিশাল ধৰ্মীয় মেলাকলৈ তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন । সোমবাৰে কামাখ্যাত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকত মিলিত হয় মন্দিৰ পৰিচালনা সমিতি ।
অম্বুবাচী উপলক্ষে সাজু মহানগৰী প্ৰশাসন - কামাখ্যা
অম্বুবাচী উপলক্ষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল নীলাচল পাহাৰত ।
অম্বুবাচী উপলক্ষে সাজু মহানগৰী প্ৰশাসন
উক্ত বৈঠকত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ । অম্বুবাচী উপলক্ষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল নীলাচল পাহাৰত । তাৰোপৰি চিচি টিভি কেমেৰা, মেটেল ডিটেক্টৰ, স্কেনাৰ আদিৰো ব্যৱস্থা কৰিছে প্ৰশাসনে । মুঠৰ ওপৰত ভক্তসকলৰ সুৰক্ষাৰ লগতে সা সুবিধাৰ প্ৰতি বিশেষ গুৰুত্ব দিছে আৰক্ষী-প্ৰশাসনে ।