২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা... - ASSAM POLICE
উখল মাখল কামাখ্যাধাম, সাজু প্ৰশাসন, কামাখ্যা মন্দিৰ পৰিচালনা সমিতি, লাখ লাখ ভক্তৰ সমাগম আশা কৰা হৈছে পূৰ্বতকৈও ৷
উখল মাখল কামাখ্যাধাম
উখল মাখল কামাখ্যাধাম ৷ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা ৷ এই উপলক্ষে সাজু হৈছে কামাখ্যা মন্দিৰৰ বৰদেউৰী সমাজ তথা জিলা প্ৰশাসন ৷ সোমবাৰে কামাখ্যা মন্দিৰত অনুষ্ঠিত এক সংবাদমেলত মন্দিৰ পৰিচালনা সমিতিয়ে জনালে অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ বিষয়ে৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কামাখ্যা ধামত ৷
- ২২জুনৰ নিশা ১.৪০ মিনিট ১৮ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি
- ২৬ জুনৰ দুপৰীয়া ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত হ'ব নিবৃত্তি
- ২৩,২৪,২৫ তাৰিখে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশ দুৱাৰ
- ২৬ জুনৰ পুৱাৰ ভাগত খোল খাব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ
- ২১ জুনৰ পৰা ৩০ জুনলৈ বন্ধ থাকিব প্ৰতিৰক্ষা বাহিনীৰ সকলো টিকট
- ২৬,২৭ জুনত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব ৫০১ টকাৰ বিশেষ টিকট
- নিশা ১২বজাৰ পিছত মন্দিৰৰ চৌহদত প্ৰৱেশ নিষিদ্ধ দৰ্শনাৰ্থীৰ