অসম

assam

ETV Bharat / state

কেৱল কৰ’ণাই নহয় ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছৰো আগমন ৰাজ্যত - জাপানীজ এনকেফেলাইটিছ

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া আৰু ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমৰ যুটীয়া সঞ্চালক (মেলেৰীয়া) তথা NVBDCP ৰ SPO ডাঃ হৰপাল সিং চূড়ীয়ে ৷

along with corona there is also malaria dengue and japanese encephalitis in state
কেৱল কৰ’ণাই নহয় ডেংগু মেলেৰিয়া জাপানীজ এনকেফেলাইটিছৰো আগমন ৰাজ্যত

By

Published : Jul 3, 2021, 10:54 PM IST

গুৱাহাটী, ৩ জুলাই : কেৱল ক'ভিডেই নহয়, এই সময়ত অসমত আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া আৰু ডেংগুও । অৱশ্যে ইয়াৰে কোনো এটা ৰোগেও এইপৰ্যন্ত ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই যদিও, ৰাজ্যজুৰি ক্ৰমাৎ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তথ্য মতে বৰ্তমানলৈকে অসমত জাপানীজ এনকেফেলাইটিছ, ডেংগু (Dengue) আৰু মেলেৰীয়া ৰোগৰ অৱস্থিতি ৬০ জন ৰোগীৰ দেহত ধৰা পৰিছে ।

শনিবাৰে, ই টিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমৰ যুটীয়া সঞ্চালক (মেলেৰীয়া) তথা NVBDCP ৰ SPO ডাঃ হৰপাল সিং চূড়ীয়ে । তেওঁ সদৰী কৰা তথ্য মতে, চলিত বছৰটোত ২ জুলাই অৰ্থাৎ শুকুৰবাৰৰ দিনটোলৈকে অসমত জাপানীজ এনকেফেলাইটিছ (জে ই) ৰোগত ১০ গৰাকী লোক আক্ৰান্ত হৈছে আৰু কৰিমগঞ্জত আক্ৰান্ত এটি ডেৰ বছৰীয়া শিশুৰ মৃত্যু ঘটিছে ।

কেৱল কৰ’ণাই নহয় ডেংগু মেলেৰিয়া জাপানীজ এনকেফেলাইটিছৰো আগমন ৰাজ্যত

আক্ৰান্ত দহগৰাকীৰ ভিতৰত আছে কামৰূপৰ দুগৰাকী, নগাঁৱৰ দুগৰাকী, কাছাৰৰ এগৰাকী, কৰিমগঞ্জৰ এগৰাকী, লখিমপুৰৰ এগৰাকী, শিৱসাগৰৰ এগৰাকী আৰু ডিব্ৰুগড়ৰ এগৰাকী । মন কৰিবলগীয়া যে ২০২০ বৰ্ষত ২ জুলাই পৰ্যন্ত আক্ৰান্ত হৈছিল ১৭ গৰাকী আৰু মৃত্যু হৈছিল দুগৰাকী লোকৰ ।

একেদৰে শুকুৰবাৰৰ দিনটোলৈকে অসমত ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ'ল ছয় গৰাকী । এই পৰ্যন্ত এই ৰোগত কোনো লোকৰ মৃত্যু ঘটা নাই । আনহাতে, ২ জুলাই অৰ্থাৎ শুকুৰবাৰৰ দিনটোলৈকে অসমত মেলেৰীয়াত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও আক্ৰান্তৰ সংখ্যা হৈছে ৪৪ গৰাকী । ২০২০ বৰ্ষত ২ জুলাই দিনটোলৈকে অসমত মেলেৰীয়াত ১৫০ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছিল ।

ডাঃ চূড়ীয়ে শনিবাৰে প্ৰকাশ কৰা মতে সম্প্ৰতি ক'ভিডৰ প্ৰতিষেধক প্ৰদান চলি থকাৰ বাবে জাপানীজ এনকেফেলাইটিছ ৰ টীকাকৰণ বন্ধ ৰখা হৈছে যদিও অক্টোবৰ মাহৰ পৰা অসমৰ ছয়খন জিলা ক্ৰমে চৰাইদেউ, তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, বিশ্বনাথ আৰু শিৱসাগৰৰ ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ মুঠ ৩৯,০৪,১০৪ গৰাকী লোকক জাপানীজ এনকেফেলাইটিছৰ টীকা প্ৰদান কৰা হব । ইয়াৰ বাবে ৪১,৭৯,৩৫০ পালি প্ৰতিষেধক ইতিমধ্যে কেন্দ্ৰৰ পৰা অসমে লাভ কৰিছে । উল্লেখযোগ্য যে ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ এমাহৰ পিছতহে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক ল’ব পাৰি বুলি আজি ডাঃ চূড়ীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক :ৰ’জী আৰু চামুৱেলক হত্যা কৰা হৈছে: গাৰো ছাত্ৰ সন্থা

ABOUT THE AUTHOR

...view details