অসম

assam

By

Published : Sep 5, 2019, 12:46 AM IST

Updated : Sep 5, 2019, 8:23 AM IST

ETV Bharat / state

গুৱাহাটীৰ লালগণেশ, ওদালবাক্ৰাৰ 20 হাজাৰ মানুহৰ নাম বাদ পৰিল এন আৰ চিত

মহানগৰীৰ লালগণেশ আৰু ওডালবাক্ৰাত 20 হাজাৰ মানুহৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ'ল ৷ অঞ্চল দুটাত বাস কৰা লোকসকলৰ অধিকাংশই 1971 চনৰ পূৰ্বেই ভাৰতত আহি বসতি পাতিছিল ৷

গুৱাহাটীৰ 20 হাজাৰ মানুহৰ নাম বাদ পৰিল এন আৰ চিত

গুৱাহাটী, 4 ছেপ্তেম্বৰঃবহুপ্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰিল বহুতৰে ৷ বিশেষকৈ হিন্দু বঙালী সম্প্ৰদায়ৰ অধিকাংশ লোকৰে নাম নাহিল এন আৰ চিত ৷ মহানগৰীৰ লালগণেশ আৰু ওদালবাক্ৰাৰ প্ৰায় 20হাজাৰ মানুহৰ নাম বাদ পৰে এনআৰচিৰ পৰা ৷

দুয়োটা অঞ্চলতে বাস কৰা লোকসকল বিশেষকৈ হিন্দু বঙালী সম্প্ৰদায়ৰ আৰু 1971চনৰ পূৰ্বেই তেওঁলোকে অসমত আহি বসতি আৰম্ভ কৰিছিল ৷ তেওঁলোকৰ হাতত 1966চনৰ লিগেচি ডাটাকে ধৰি অন্যান্য সকলো বৈধ নথি-পত্ৰ আছিল, যদিও এইদৰে তেওঁলোকৰ নাম বাদ পৰাত চিন্তিত হৈ পৰিছে লোকসকল ৷

৩১ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল ১৯,০৬৬৫৭ গৰাকী ব্যক্তিৰ নাম । তালিকাখন প্ৰকাশৰ পিছতে তালিকাখনত বিসংগতি থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল সংগঠনে । বহু প্ৰকৃত ভাৰতীয়ৰ নাম তালিকাখনত সন্নিবিষ্ট নোহোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে ।

Last Updated : Sep 5, 2019, 8:23 AM IST

ABOUT THE AUTHOR

...view details