অসম

assam

ETV Bharat / state

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ

এতিয়া যেন পৰীক্ষা পাতিলেই একপ্ৰকাৰ বিপদ ! এটাৰ পিছত আনটো পৰীক্ষাত বিসংগতি হোৱাটো এতিয়া স্বাভাৱিক বিষয় হৈ পৰিছে ৷ এইবাৰ বিসংগতি সংঘটিত হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৷ এই অভিযোগ পৰীক্ষাৰ্থীসকলৰ ৷

Alligence of happening scam in APSC Examination guwahati assam etv bharat news
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ

By

Published : Nov 8, 2020, 3:39 PM IST

গুৱাহাটী,8 নৱেম্বৰ:অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাৰ কেলেংকাৰীৰ পিছতে ৰাজ্য জোকাৰি গৈছিল JEE পৰীক্ষাৰ কেলেংকাৰী কাণ্ডই ৷ ইয়াৰ পিছতে পুনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত হৈছে বিসংগতি ৷ দেওবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল অসম লোকসেৱা আয়োগৰ অধীনত CDPO ৰ পৰীক্ষা ৷ বহুকেইখন শিক্ষানুষ্ঠানৰ দৰে মহানগৰীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল এই পৰীক্ষা ৷

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ

সেই অনুসৰি অনুষ্ঠিত হোৱা Social Work ৰ পৰীক্ষাৰ প্ৰশ্নৰ বিপৰীতে আহে Sociology ৰ প্ৰশ্নকাকত ৷ এই প্ৰশ্নকাকত লাভ কৰি হতবাক হৈ পৰে পৰীক্ষাৰ্থীসকল ৷ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ১,২০০ পৰীক্ষাৰ্থী ৷ অসম লোকসেৱা আয়োগৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যত হতাশ হৈছে পৰীক্ষাৰ্থীসকল ৷ তদুপৰি পৰীক্ষাৰ্থীসকলে শীঘ্ৰে পুনৰ এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে ৷

লগতে চাওকঃঅনিয়মৰ অভিযোগ: সমবায় এজেণ্টৰ বিৰুদ্ধে এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details