অসম

assam

ETV Bharat / state

Polar division within APCC : AIUDFৰে মিত্রতা ভংগকলৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত মেৰুবিভাজন - AIUDFৰে মিত্রতা ভংগকলৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত মেৰুবিভাজন

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই দলৰ জ্যেষ্ঠ-প্ৰবীণ নেতাসকলক গুৰুত্ব নিদিয়া, এলাগী কৰা, লবীকেন্দ্ৰীক ৰাজনীতিত ব্যস্ত থাকি দলটোক বিপর্যয়ৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ । আজমলৰে মিত্ৰতা ভংগৰ পাচতেই একাংশ কংগ্ৰেছীৰ হাইকমাণ্ডকৈ পত্ৰ । আগন্তুক লোকসভা নিৰ্বাচনত আজমলৰে একেলগে যুঁজাটো বিচাৰিছে গৰিষ্ঠসংখ্যক সংখ্যালঘু কংগ্ৰেছীয়ে ।

congress and aiudf alliance
কংগ্ৰেছৰ ভিতৰ চ’ৰাত মেৰুবিভাজন

By

Published : Nov 20, 2021, 4:01 PM IST

গুৱাহাটী, ২০ নৱেম্বৰ:ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন(BY ELECTION OF ASSAM)ত কংগ্ৰেছ দলৰ শোচনীয় বিপর্যয়ৰ সন্মুখীন হোৱাৰ পাচত পুনৰ বিদ্ৰোহ আৰম্ভ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী(Assam Pradesh Congress Committee )ত । প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই দলৰ জ্যেষ্ঠ-প্ৰবীণ নেতাসকলক গুৰুত্ব নিদিয়া, এলাগী কৰা, লবীকেন্দ্ৰিক ৰাজনীতিত ব্যস্ত থাকি দলটোক বিপর্যয়ৰ মুখলৈ ঠেলি দিয়া বুলি ইতিমধ্যে জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, নীলমণি সেন ডেকাই মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে । সেইদৰে দলটোৰ অন্যতম জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ লগতে প্ৰাক্তন সাংসদ বলীন কুলী, দ্বিজেন শর্মাকে ধৰি বহুতৰে দলৰ বর্তমানৰ নেতৃত্বৰ কাম-কাজক লৈ ক্ষোভ-আক্ষেপ আছে ।

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক লৈ বিদ্ৰোহ চলি থকাৰ সময়তে শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ (AIUDF)ৰে মিত্ৰতা ভংগক লৈ দলৰ ভিতৰ চ’ৰাত মেৰুবিভাজন ঘটিছে । উল্লেখ্য যে, পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণতপ্ৰদেশ কংগ্ৰেছৰ ক’ৰ কমিটীৰ বৈঠকে এ আই ইউ ডি এফৰে মিত্ৰতা ছেদ কৰিছিল । বিগত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতা কৰাৰ বাবেই উজনি অসমত কংগ্ৰেছ দলৰ ফলাফল বেয়া হোৱা বুলি ধাৰণা কৰিয়েই কংগ্ৰেছে আজমলৰ দলৰে মিত্ৰতা ছেদ কৰে ।

আজমলৰে মিত্ৰতা ভংগ কংগ্ৰেছীৰ

কিন্তু এ আই ইউ ডি এফৰে মিত্ৰতা ছেদৰ পাচত উপ-নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল পূৰ্বৰ বিধানসভা নিৰ্বাচনৰ তুলনাত অধিক বেয়া হোৱাত এতিয়া কংগ্ৰেছৰ এটা শিবিৰে বিশেষকৈ নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাৰ সংখ্যালঘু কংগ্ৰেছ শিবিৰে বিষয়টোক লৈ হাইকমাণ্ডলৈ জাপে জাপে পত্ৰ প্ৰেৰণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ কংগ্ৰেছ বিধায়কৰ লগতে জিলা, ব্লক পর্যায়ৰ কংগ্ৰেছ নেতাই কংগ্ৰেছ - এ আই ইউ ডি এফৰ মিত্ৰতা অথবা বুজাবুজি অবিহনে ২০২৪ চনত হ’বলগীয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল ক্ষতিগ্ৰস্ত হ’ব বুলি পত্ৰসমূহত উল্লেখ কৰিছে ।

তেওঁলোকৰ মতে, সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীর্ণ হ’লে অসমত কংগ্ৰেছৰ আসনৰ সংখ্যা শূন্য হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব । আনকি বর্তমান কংগ্ৰেছৰ দখলত থকা নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰৰ গৌৰৱ গগৈ আৰু বৰপেটাত আব্দুল খালেকৰ বিজয়ৰ পথো মসৃণ নহ’ব । কিন্তু এ আই ইউ ডি এফ আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীর্ণ হ’লে নগাঁও, কলিয়াবৰ, বৰপেটাৰ লগতে ধুবুৰী, কৰিমগঞ্জ, মঙলদৈ দখল কৰাৰ সম্ভাৱনা প্ৰকট বুলি পত্ৰত উল্লেখ কৰা হৈছে ।

আনকি কংগ্ৰেছ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও কেইদিনমান পূৰ্বে সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফক কংগ্ৰেছত চামিল হোৱাৰ আহ্বান জনাই কৈছিল যে, এ আই ইউ ডি এফ থকালৈকে অসমত বিজেপি থাকিব । মুঠতে মিত্ৰতা বা বুজাবুজি অথবা কংগ্ৰেছত চামিল কৰাই হ’লেও আগন্তুক লোকসভা নিৰ্বাচনত আজমলৰে একেলগে যুঁজাটো বিচাৰিছে গৰিষ্ঠসংখ্যক সংখ্যালঘু কংগ্ৰেছয়ে । ইপিনে কংগ্ৰেছৰ সংখ্যালঘু শিবিৰত আৰম্ভ হোৱা এনে তৎপৰতাৰ উমান পায়েই প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই এ আই ইউ ডি এফৰে পুনৰ মিত্ৰতাৰ পোষকতা কৰিছে ।

লবীকেন্দ্ৰীক ৰাজনীতিত ব্যস্ত প্ৰদেশ কংগ্ৰেছ

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত উজনি অসমত কংগ্ৰেছৰ ভোটৰ পৰিমাণ বৃদ্ধিহে হৈছে । এ আই ইউ ডি এফৰে কৰা মিত্ৰতাৰ বাবে উজনি অসমত হিন্দু ভোটাৰ কংগ্ৰেছৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা নাই বুলিও উল্লেখ কৰি তেওঁ হিন্দু ভোটাৰ কংগ্ৰেছৰ বিৰুদ্ধে একত্ৰিত হোৱা হ’লে বিজেপিৰ লগত কংগ্ৰেছৰ ভোটৰ ব্যৱধান হ্ৰাস নাপালেহেঁতেন বুলি যুক্তি দাঙি ধৰিছিল । সেইদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো এই দিশত হাত উজান দিছে । শইকীয়ায়ো বিজেপিক প্ৰতিহত কৰাৰ স্বার্থত এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণ মর্চা, অজাপ, ৰাইজৰ দল সকলো ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰে ।

ইফালে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক বিধায়ক ৰফিকুল ইছলামে কংগ্ৰেছ দলটো ক্ৰমাৎ গণবিচ্ছিন্ন হ’বলৈ ধৰিছে বুলি কটাক্ষ কৰা পৰিলক্ষিত হৈছে । কংগ্ৰেছ দলে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰি শোচনীয়ভাৱে পৰাস্ত হৈছিল । আনকি কংগ্ৰেছ দলে উজনিত নগণ্যসংখ্যক ভোট লাভ কৰিছে ।

কংগ্ৰেছৰ ভিতৰ চ’ৰাত মেৰুবিভাজন

কংগ্ৰেছৰ সংকটৰ বাবে এতিয়া দলটোৱে এ আই ইউ ডি এফত চামিল হোৱাহে প্ৰয়োজন বুলি বিধায়ক ৰফিকুল ইছলামে সদৰি কৰিছে । আই ইউ ডি এফৰ নেতাগৰাকীৰ ভাষ্যৰ পৰাও এটা কথাই স্পষ্ট হৈছে তেওঁলোকেও কংগ্ৰেছৰে মিলি বিজেপিৰ বিৰুদ্ধে এতিয়াও নিৰ্বাচনী যুঁজত অৱতীর্ণ হোৱাটো বিচাৰে । অৱশ্যে নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক সমীকৰণ সলনি হোৱাটো নতুন কথা নহয় যদিও বৰ্তমান কংগ্ৰেছৰ ভিতৰ চ'ৰাত ক্ষোভ-অসন্তুষ্টিয়ে বিৰাজ কৰিছে ।

লগতে পঢ়ক :new committee of assam pradesh congress : কিয় গঠন হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি ?

ABOUT THE AUTHOR

...view details