অসম

assam

ETV Bharat / state

Talibani Punishment : ছাত্ৰীক চুটি পোছাক পৰিধানৰ বাবে তালিবানী শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ - তালিবানী শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ

কলগাছিয়াৰ ৰয়েল ছাইন্স ইনষ্টিটিউট নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত ভয়ংকৰ ঘটনা ৷ এগৰাকী শিক্ষয়িত্ৰী আৰু ছাত্ৰীৰ মাজত অভিযোগ প্ৰতিঅভিযোগ ৷ প্ৰকৃততে কোন সত্য ? কি হৈছিল 5 আগষ্টৰ নিশা?

allegation of Talibani punishment for a student wearing short dress
এগৰাকী ছাত্ৰীক চুটি পোছাক পৰিধানৰ বাবে তালিবানী শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ

By

Published : Aug 14, 2023, 6:10 PM IST

এগৰাকী ছাত্ৰীক চুটি পোছাক পৰিধানৰ বাবে তালিবানী শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ

জনিয়া, 14 আগষ্ট :চুটি পোছাক পৰিধান কৰাৰ বাবে কলগাছিয়াৰ ৰয়েল ছাইন্স ইনষ্টিটিউটৰ শিক্ষয়িত্ৰীৰ ১৬ বছৰীয়া এগৰাকী ছাত্ৰীক তালিবানী শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ইফালে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে চুটি পোছাক পৰিধান কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিষ্ঠানখনৰ শিক্ষয়িত্ৰীয়ে । ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে ৷

যি সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বেটী পঢ়াও বেটী বচাও শ্লোগান দি আহিছে সেই সময়তে কলগাছিয়াৰ ৰয়েল ছাইন্স ইনষ্টিটিউট নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত ৰেচমি অধিকাৰী নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে শিক্ষানুষ্ঠানৰ ১৬ বছৰীয়া এগৰাকী ছাত্ৰীক তালিবানী শাস্তি প্ৰদান কৰাৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, শিক্ষানুষ্ঠানটোৰ হোষ্টেলৰ তত্বাৱধায়ক শিক্ষয়িত্ৰী ৰেচমি অধিকাৰীয়ে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে চুটি পোছাক পৰিধান কৰাৰ অভিযোগ তুলি ছাত্ৰীগৰাকীক চৰম পৰ্যায়ৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ ছাত্ৰীগৰাকীয়ে।

কেৱল ইমানেই নহয় শিক্ষয়িত্ৰী ৰেচমি অধিকাৰীয়ে যোৱা 5 আগষ্টত অমানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰি ভুক্তভোগী ছাত্ৰীগৰাকীক ছাত্ৰী হোষ্টেলত উলংগ কৰি ঘূৰোৱাৰ উপৰিও শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক বিল্ডিঙৰ ওপৰৰ মহলাৰ পৰা গতা মাৰি পেলাই দিয়াৰ অভিযোগ উঠিছে ৷ বিল্ডিঙৰ ওপৰ মহলাৰ পৰা পৰি ভুক্তভোগী ছাত্ৰীগৰাকী অচেতন হৈ পৰাৰ পাচত লগৰ ছাত্ৰীসকল আৰু অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰায় ৷ এই ঘটনাত ভুক্তভোগী ছাত্ৰীগৰাকীৰ ৰাজহাড়কে ধৰি শৰীৰৰ বিভিন্ন অংগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইতিমধ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে কলগাছিয়া আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। অৱশ্যে ছাত্ৰীগৰাকীৰ সমস্ত অভিযোগ নস্যাৎ কৰিছে অভিযুক্ত শিক্ষয়িত্ৰী ৰেচমি অধিকাৰীয়ে। ৰেচমি অধিকাৰীয়ে জানিবলৈ দিয়া মতে ভুক্তভোগী ছাত্ৰীগৰাকী দুষ্ট প্ৰকৃতিৰ। তাই হোষ্টেলৰ ছাদত উঠি বস্ত্ৰ খুলি বাটৰ ল'ৰা জোকাই। স্থানীয় লোকৰ পৰা এনে অভিযোগ পোৱাৰ বাবে হোষ্টেলৰ তত্ত্বাৱধায়ক হিচাপে ছাত্ৰীগৰাকীক এনে চৰিত্ৰ হ'ব নালাগে আৰু এইবোৰ বেয়া বুলি বুজাইছিলহে শিক্ষয়িত্ৰীগৰাকীয়ে ।

তাতেই অগ্নিশৰ্মা হৈ ছাত্ৰীগৰাকীয়ে শিক্ষয়িত্ৰী বাইদেউ ৰেচমি অধিকাৰীক চাই ল’ম বুলি কৈ নিজেই হোষ্টেলৰ এক মহলাৰ পৰা জপিয়াই আঘাতপ্ৰাপ্ত হয় বুলি কয় শিক্ষয়িত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক:ULFA (I) linkman detained: আলফা (স্বাধীন)ৰ লিংক মেনৰ সন্দেহত জামুগুৰিহাটত এজনক আটক

ABOUT THE AUTHOR

...view details